জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ গৈ ধ্বংস বনাঞ্চল ! প্ৰতি বছৰে ধ্বংস চাৰি-পাঁচ হাজাৰ পৰ্যন্ত গছ


 

গছপুলি ৰোপণৰ বাবে চৰকাৰে বৃহত্‍ আঁচনি ঘোষণাৰ মাজতে বাক্সাত ধ্বংস হৈছে গছ- গছনি ৷ নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ গৈ ৰাইজে প্ৰতি বছৰে ধ্বংস কৰি আহিছে বনাঞ্চল ৷ বছৰত চাৰি- পাঁচ হাজাৰ জোপা গছ কাটি পেলোৱা হৈছে জিলাখনৰ ভাৰত- ভূটান সীমান্তত ৷

বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তত নদীত বান্ধ বন্ধাৰ নামত ৰাইজে কাটি তহিলং কৰি আহিছে বনাঞ্চলৰ গছ- গছনি ৷ প্ৰতিবাৰতে দুশ- তিনিশ গছ কাটি বান্ধত ব্যৱহাৰ কৰে অঞ্চলটোৰ কৃষক ৰাইজে ৷

উল্লেখ্য যে, স্বাধীনতাৰ অমৃত মহোৎসৱৰ পাচতো কৃষকসকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতি বছৰে এনেদৰে প্ৰাকৃতিক বান্ধ নিৰ্মাণ কৰি দোং বা নলাৰে খেতিপথাৰলৈ পানী বোৱাই নিয়ে ৷ কিন্তু প্ৰাকৃতিক বান্ধ নিৰ্মাণ কৰিবলৈ গৈ বছৰে চাৰি-পাঁচ হাজাৰ পৰ্যন্ত গছ কাটিবলগীয়া হয়। যাৰ ফলত বছৰ বছৰ ধৰি বনাঞ্চল ধ্বংস হৈ আহিছে ৷ স্থানীয় ৰাইজে এই সন্দৰ্ভত অভিযোগ কৰি কয় যে অনিচ্ছা স্বস্তেও কৃষকৰ স্বাৰ্থত বছৰি এনেদৰে গছ কাটিবলগীয়া হয় ৷ এইক্ষেত্ৰত চৰকাৰে এক স্থায়ী ব্যৱস্থা কৰি দিলে গছ কটা বন্ধ হ’লহেতেন। সম্প্ৰতি বাক্সা জিলাৰ উত্তৰাঞ্চলত বন ধ্বংসৰ ইয়ো এটা প্ৰধান কাৰক হৈ পৰিছে ৷

Post a Comment

Previous Post Next Post