মৰাণৰ সমীপৰ খোৱাঙৰ দুজন যুৱক প্ৰায় ৪৩ দিন ধৰি সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে সন্দেহ কৰিছে যে যুৱক দুজনে হয়তো আলফাত (স্বাধীন) যোগদান কৰিছে। যদিহে যুৱককেইজন আলফাত (স্বাধীন) যোগদান কৰিছে, তেন্তে শীঘ্ৰেই ঘূৰি ঘৰলৈ আহিব লাগে বুলি পৰিয়ালৰ লোকে আহ্বান জনাইছে। লগতে সিহঁতক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ পৰেশ বৰুৱালৈ আহ্বান পৰিয়ালৰ লোকৰ।
যোৱা ২৬ মে’ৰ পৰা ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ দুলীয়া লাহোৱাল গাঁৱৰ মুখেশ্বৰ গগৈৰ পুত্ৰ বিকি গগৈ (২৬) আৰু খোৱাং ৰাংচালি গাঁৱৰ বিনোদ গগৈৰ পুত্ৰ ৰাকেশ গগৈ ওৰফে লাডেন (২৩) নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে, ২৬ মে’ৰ সন্ধিয়া ঘৰৰ পৰা ফুৰিবলৈ ওলাই যোৱাৰে পৰা আজিলৈকে সন্ধান নাই যুৱক দুজনৰ। যাৰ বাবে দুয়োটা পৰিয়ালত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।যুৱক দুজনৰ নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে স্থানীয় খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।
বিকি গগৈৰ ভাতৃয়ে যদিহে যুৱক দুজন আলফা (স্বাধীন) যোগদানৰ বাবে গৈছে, তেন্তে তেওঁলোকক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ পৰেশ বৰুৱালৈ আহ্বান জনাইছে। বিকি গগৈৰ মাতৃও বৰ্তমান অসুস্থ। মাতৃৰ মুখলৈ চাই ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান বিকি গগৈৰ ভাতৃৰ।
