কাকপথাৰ সোণজানত ভয়ংকৰ পথ দুৰ্ঘটনা ঘটে। সংকটজনক অৱস্থাত ৫জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
১৫নং ৰাষ্ট্ৰীয় ঘাই পথত এখন মালবাহি মেজিক গাড়ীক এখন অৰুণাচল ট্ৰেন্সপৰ্ট বাছে প্ৰচণ্ড জোৰে খুণ্ডা মাৰি পথৰ কাষৰ এখন দোকান মহতিয়াই যায় ৷ ফলত মেজিকখনৰ চালক জয়ন্ত ফুকন আঘাতপ্ৰাপ্ত হৈ গাড়ীখনতে আবদ্ধ হৈ পৰে ৷
আনহাতে বাছখনৰ চালক, হেন্দিমেনৰ অৱস্থা সংকটজনক হৈ পৰাত ততাতৈয়াকৈ তেওঁলোকক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয় ৷ স্থানীয় লোকৰ তৎপৰতাত বাছৰ সকলো লোকক উদ্ধাৰ কৰা হৈছে ৷
ইয়াৰে মেজিকখনত অহা জয়ন্ত ফুকনসহ দেৱৰাণী ফুকন আৰু দিপালী উঙলাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সংকটজনক অৱস্থাত তিনিচুকীয়া লৈ প্ৰেৰণ কৰা বাছখনৰ চালক আৰু হেণ্ডিমেনৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই ৷
