সমগ্ৰ শিক্ষা অভিযানৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সংবাদমেল। সংবাদমেল সম্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। কাহিলিপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী পেগুৱে সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ ২৮,২১৯খন বিদ্যালয়লৈ অনুদান আগবঢ়োৱাৰ বিষয়ে জানিবলৈ দিয়ে।
চলিত শিক্ষাবৰ্ষত অনুদান হিচাপে মুকলি কৰা হয় ৭৯,৮০ কোটি টকা, ক্ৰীড়া আৰু শাৰীৰিক শিক্ষাৰ বাবে মুকলি কৰি দিয়া হয় ১৬.৩৯ কোটি টকা। শিক্ষাৰ্থীৰ পৰিসংখ্যা অনুসৰি প্ৰদান কৰা হয় এই অনুদান।
শিক্ষামন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে শিক্ষা সেতু প’ৰ্টেলৰ জৰিয়তে বিদ্যালয়ৰ তথ্য সংগ্ৰহ কৰা হৈছে। কিন্তু যিসমূহ বিদ্যালয়ে শিক্ষা সেতুত কোনো তথ্য আপলোড কৰা নাই, তেনে প্ৰাথমিক বিদ্যালয়ে এই অনুদান লাভ নকৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যত ১১,৪০০খন বিদ্যালয়লৈ এই অনুদান মুকলি কৰা হোৱা নাই।
Assam Govt has released ₹96.21 Cr. as School Grants to 40970 LP & UP schools today. Grants to 11480 schools have been held back as some teachers from these schools have not updated their staff profiles in Siksha Setu portal. Once they update, grants will be released.… pic.twitter.com/07iBdeUtWD
যেতিয়ালৈ শিক্ষকৰ প্ৰ’ফাইল আপলোড নহ’ব তেতিয়ালৈ মুকলি কৰা নহয় এই পুঁজি শিক্ষামন্ত্ৰীয়ে কয়– ‘‘অৱশ্যে সংশ্লিষ্ট শিক্ষকক বিদ্যালয় পৰিচালনা সমিতিয়ে নিশ্চিত কৰিলেও কৰা হ’ব অনুদান মুকলি। সম্পূৰ্ণ তথ্য নজনাকৈ ধন মুকলি কৰিব নোৱাৰি। পৰৱৰ্তী পৰ্যায়ত এইসকল শিক্ষকৰ তথ্য উদ্ধাৰ কৰিবই লাগিব। এইক্ষেত্ৰত অশৰীৰী শিক্ষকো ওলাব পাৰে। ৰাজ্যত এইখন চৰকাৰৰ লগত ধেমালি নকৰিব। সাধাৰণ তথ্যহে বিচৰা হৈছে। তথ্য দাখিল নকৰিলে বন্ধ হ’ব দৰমহা। ৩৫,৫৮৩ গৰাকী শিক্ষকে আপলোড কৰা নাই নিজৰ প্ৰ’ফাইল। এইসকল শিক্ষকৰ তথ্য দিয়ক এছ এম চিয়ে।’’
