অসমীয়া সমাজ জীৱনৰ উৎসৱ পাৰ্বন, বিশেষকৈ বিবাহ অনুষ্ঠানত বেণ্ডপাৰ্টিৰ ভূমিকা অপৰিসীম। এই বেণ্ডপাৰ্টি পুৰুষ প্ৰধান হিচাপেই অসমীয়া সমাজ জীৱনত অতিজৰে পৰাই চলি আহিছে। কিন্তু এইবাৰ সোতৰ বিপৰীতে গৈ দক্ষিণ কামৰূপৰ দখলা গাঁৱৰ কেইগৰাকীমান যুৱতীয়ে হাতত পেপা, তাল , ড্ৰাম লৈ আৰম্ভ কৰিছে বেণ্ডপাৰ্টি।
মহিলা ! মহিলাই কৰিব নোৱাৰা কাম কি আছে ! মহিলা অবিহনে যেন এই ধৰিত্ৰী আধৰুৱা। আজিকালি ক’তো কোনোগুণে পিছ পৰি ৰোৱা নাই মহিলাসকল। সকলোতে যেন এতিয়া মহিলাৰ জয়জয়কাৰ। শেহতীয়াকৈ কেইজনীমান যুৱতীয়ে বেণ্ডপাৰ্টিত ব্যৱহৃত হোৱা বিভিন্ন বাদ্যযন্ত্ৰ বজাই সকলোকে আচৰিত কৰি তুলিছে।
উল্লেখ্য যে, অঞ্চলটোৰ শিল্পী হৰমোহন দাসৰ প্ৰচেষ্টাত একাংশ যুৱতীয়ে প্ৰথমবাৰৰ বাবে একপ্ৰকাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি উৎসৱ অনুষ্ঠানত বেণ্ডপাৰ্টি পৰিৱেশন কৰিব। বেণ্ডপাৰ্টিৰ বাবে ইতিমধ্যে দলটোৰ সকলো যুৱতীয়ে প্ৰশিক্ষণ লৈ আছে। বিশেষ যে, দলটোৰ সকলো যুৱতী মহাবিদ্যালয়ত অধ্যায়নৰত।
যুৱতীকেইগৰাকীৰ প্ৰতিভা দেখি আপুনিও মোহিত হ’ব। কৰিশ্মা নাথৰ নাগাৰা নামৰ পিছতেই এই ছোৱালী বেণ্ডপাৰ্টিটোৱে সকলোকে মোহিত কৰিব বুলি আশা কৰা হৈছে। বৰ্তমানলৈ যুৱতীৰ এই বেণ্ডপাৰ্টি দলটোক বিভিন্ন অনুষ্ঠানলৈ আমন্ত্ৰন জনোৱা হৈছে বুলি জানিব পৰা গৈছে। যুৱতীসকলৰ এই দলটোৱে আগন্তুক দিনত তেওঁলোকৰ প্ৰতিভাৰে জিলিকিব যে সেইটো নিশ্চিত।
