I.N.D.I.A. অৰ্থাৎ ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েঞ্চ। বিজেপি বিৰোধী ২৬ দলৰ মঞ্চক এই নাম দিয়া হৈছে। তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ প্ৰস্তাৱিত ‘ইণ্ডিয়ান নেচনেল ডেম’ক্ৰেটিক ইনক্লুছিভ এলায়েঞ্চৰ’ৰ ‘ডেম’ক্ৰেটিক’ শব্দটো বাদ দি ‘ডেভেল’পমেণ্ট’ শব্দটো অনাৰ প্ৰস্তাৱ দিছিল ৰাহুল গান্ধীয়ে। সেই প্ৰস্তাৱত সন্মত হৈছে সকলো। বিৰোধী মঞ্চৰ এই নামকৰণৰ পিছত এইবাৰ ‘এনডিএ’ নামৰো নতুন বাখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
মঙলবাৰে এনডিএৰ বৈঠকৰ শেষত বিৰোধীৰ মিত্ৰজোঁটক সমালোচনা কৰে মোদীয়ে। মোদীয়ে কয়, ‘‘দেশত মিত্ৰজোঁট ৰাজনীতিৰ বহু ইতিহাস আছে। কিন্তু নেতিবাচক চিন্তা–ভাৱনাৰে সৃষ্ট মিত্ৰজোঁট কেতিয়াও জয়ী হ’ব পৰা নাই।’’
ইয়াৰ পিছতে, এনডিএ মিত্ৰজোঁটৰ নামৰ নতুন বাখ্যা দিলে মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এনডিএ শব্দৰ অৰ্থ নিউ ইণ্ডিয়া, ডেভেল’পমেণ্ট আৰু এস্পিৰেচন অৰ্থাৎ নতুন ভাৰত, উন্নয়ন আৰু প্ৰত্যাশা।’’
বৈঠকৰ শেষত অংশীদাৰ দলৰ নেতাসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আমি সকলোৰে কথা, বক্তব্য শুনিছো। ৰাজনীতিত প্ৰতিযোগিতা হয়, শত্ৰুতা নহয়। কিন্তু আজি বিৰোধীসকলে আমাৰ সমালোচনা কৰিছে। আমি ভাৰতক সকলো সময়ত ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধ্বত ৰাখিছো। এনডিএ চৰকাৰে প্ৰণব দাক ভাৰত ৰত্ন দিছে। শাৰদ পাৱাৰ, মুলায়েম সিং যাদৱ, গোলাম নবী আজাদসহ বিজেপি আৰু এনডিএৰ বাহিৰত থকা বহু দলক পদ্ম সন্মান দিছে।’’
বিৰোধী দলসমূহৰ নাম নোলোৱাকৈ মোদীৰ বাৰ্তা, ‘‘আমি যেতিয়া বিৰোধীৰ আসনত আছিলো, তেতিয়াও ইতিবাচক ৰাজনীতি কৰিছো। বিৰোধীৰ আসনৰ পৰা আমি তৎকালীন চৰকাৰৰ বহু ডাঙৰ ডাঙৰ দুৰ্নীতি পোহৰলৈ আনিছো। কিন্তু আমি কেতিয়াও মানুহৰ ৰায়ক অসন্মান কৰা নাই। শাসকৰ বিৰুদ্ধে আমি কেতিয়াও বিদেশী শক্তিৰ সহায় লোৱা নাই। দেশৰ উন্নয়নৰ কামত আমি কেতিয়াও বাধা হোৱা নাই। এনডিএৰ ওচৰত দেশ, ৰাষ্ট্ৰৰ নিৰাপত্তা, মানুহৰ ক্ষমতায়ন আটাইতকৈ গুৰুত্বপূৰ্ণ।’’মঙলবাৰে পুৱা আন্দামান নিকোবৰত বীৰ ছাবৰকাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনী অনুষ্ঠানলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। তাত তেওঁ উল্লেখ কৰে পশ্চিম বংগৰ নিৰ্বাচনৰ হিংসাৰ প্ৰসংগও। মোদীয়ে কয়, ‘‘কিছুদিন পূৰ্বে পশ্চিম বংগৰ নিৰ্বাচন হৈছে। তাত মুকলি হিংসা হৈছে। হত্যা হৈছে। ইয়াক লৈও তেওঁলোকৰ মুখ বন্ধ। কংগ্ৰেছ–বামপন্থী কৰ্মীসকল ৰক্ষাৰ বাবে আৰ্তনাদ কৰিছে। কিন্তু সেই দলৰ নেতাই নিজৰ স্বাৰ্থত নিজৰ দলৰ কৰ্মীসকলক মৃত্যুৰ বাবে এৰি দিছে।’’