ৰাজস্থানত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। এজন ৩৩ বছৰীয়া যুৱকক তেওঁৰ পত্নীৰ প্ৰেমিকে হত্যা কৰি মৃতদেহৰ ৬ টুকুৰা কৰি ৰাজস্থানৰ পালিৰ বিভিন্ন স্থানত পুতি থয়। মদনলাল নামৰ অভিযুক্তজনে যোগেন্দ্ৰ নামৰ যুৱকজনক হত্যা কৰি ওচৰৰ হাবিত পুতি থয়। আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ পৰা ১০০ মিটাৰ দূৰৈৰ এখন বাগিচাৰ পৰা লোকজনৰ মূৰ, হাত আৰু ভৰি উদ্ধাৰ কৰা হৈছে।
মঙলবাৰে জিম্মাত লোৱা অভিযুক্তই সমাধিস্থলীৰ ওপৰত আমৰ পুলি ৰোপণ কৰি ৰাখে বুলিও আৰক্ষীয়ে প্ৰকাশ কৰে। যোৱা ১৩ জুলাইত যোগেন্দ্ৰৰ পিতৃয়ে স্থানীয় আৰক্ষীত এজাহাৰ দাখিল কৰাৰ পিছতে অভিযুক্ত মদনলাল গ্ৰেপ্তাৰ হয়। এজাহাৰ অনুসৰি, ১১ জুলাইত যোগেন্দ্ৰ ঘৰৰ পৰা ওলাই গৈ আৰু ঘূৰি নাহিল। তাৰপিছত, পিতৃয়ে মদনলালৰ জড়িত বুলি সন্দেহ কৰি আৰক্ষীৰ কাষ চাপিছিল।
মৃতকৰ পিতৃয়ে কয় যে, “মোৰ পুত্ৰক হত্যা কৰাত বহুকেইজন লোক জড়িত আছে বুলি মোৰ বিশ্বাস হয়। লগে লগে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি মদনলালক গ্ৰেপ্তাৰ কৰে। সোধা-পোছাৰ সময়ত অভিযুক্ত মদনলালে স্বীকাৰ কৰে যে, তেওঁ যোগেন্দ্ৰৰ পত্নীৰ সৈতে সম্পৰ্কত আছিল আৰু সেয়ে স্বামী যোগেন্দ্ৰক হত্যা কৰিছিল। তদুপৰি তেওঁ আৰু কেনেদৰে অপৰাধটো সংঘটিত কৰিলে তাৰ সবিশেষ আৰক্ষীৰ আগত স্বীকাৰ কৰে।