এই বছৰ শাওণ মাহত দুটা শ্ৰাৱণ পূৰ্ণিমা। ইয়াৰে এটা শাওণ পূৰ্ণিমা ব্ৰত আৰু স্নান–দান একেটা দিনতে। দ্বিতীয়টো দিনত শ্ৰাৱণ পূৰ্ণিমা ব্ৰত আৰু স্নান–দান দিন বেলেগ বেলেগ। ৰাখীবন্ধন শাওণৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এনে অৱস্থাত দোমোজাৰ সৃষ্টি হৈছে যে ৰাখীবন্ধন উৎসৱ কোনটো শাওণৰ পূৰ্ণিমাত পালন কৰা হ’ব? যিসকল লোকে পঞ্চাংগ চাব জানে, তেওঁলোকে সহজতে জানিব পাৰিব যে ৰাখীবন্ধন কোনটো দিনত পালন কৰা হ’ব। যদি আপুনি পঞ্চাংগ চাব নাজানে তেন্তে চিন্তা নাই। কাশীৰ জ্যোতিষাচাৰ্য চক্ৰপাণি ভট্টৰ পৰা জানো আহক শাওণৰ পূৰ্ণিমা কেতিয়া? এই বৰ্ষত ৰাখীবন্ধন কেতিয়া? ৰাখী বন্ধনৰ শুভ মুহূৰ্ত কি?
এই বৰ্ষত কেতিয়া শাওণ পূৰ্ণিমা?
এই বৰ্ষ ২০২৩ত শাওণ মাহত অধিক মাহ জড়িত হোৱাৰ দুটা পূৰ্ণিমা তিথি হৈছেগৈ। প্ৰথম পূৰ্ণিমা তিথি অতিৰিক্ত মাহৰ পূৰ্ণিমা তিথি আৰু দ্বিতীয় পূৰ্ণিমা তিথি শাওণ মাহৰ। শাওণৰ অতিৰিক্ত পূৰ্ণিমা ১ আগষ্টত আৰু শাওণৰ পূৰ্ণিমা ৩০ আগষ্টত।
পঞ্চাংগ অনুসৰি, শাওণ মাহৰ অধিক বা অতিৰিক্ত পূৰ্ণিমা তিথি ১ আগষ্ট মঙলবাৰে পুৱা ৩.৫১ বজাৰ পৰা নিশা ১২.০১ মিনিটলৈ। এনে অৱস্থাত অধিক মাহৰ শাওণৰ পূৰ্ণিমা ১ আগষ্টত। এই দিনটোত ব্ৰত, স্নান আৰু দিন কৰা হ’ব।
শাওণৰ পূৰ্ণিমা তিথি
শাওণ মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথি ৩০ আগষ্ট বুধবাৰে পুৱা ১০ বাজি ৫৮ মিনিটৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ সমাপ্তি ৩১ আগষ্ট বৃহস্পতিবাৰে পুৱা ৭ বাজি ৫ মিনিটত হ’ব। এনে অৱস্থাত শাওণৰ পূৰ্ণিমা ব্ৰত ৩০ আগষ্টত হ’ব আৰু স্নান–দান ৩১ আগষ্টত কৰা হ’ব।
কোন দিনা ৰাখীবন্ধন?
প্ৰতি বছৰে শাওণৰ পূৰ্ণিমাত ৰাখীবন্ধনৰ উৎসৱ পালন কৰা হয়। এনে অৱস্থাত আপুনি অধিক মাহৰ শাওণ পূৰ্ণিমাক লৈ দোমোজাত নপৰিব। শাওণৰ পূৰ্ণিমা তিথিত ভদ্ৰা ৰহিত মুহূৰ্তত ৰক্ষাবন্ধন বা ৰাখীবন্ধন উৎসৱ ৩০ আগষ্ট বুধবাৰ আৰু ৩১ আগষ্ট বৃহস্পতিবাৰে পালন কৰা হ’ব।
আচলতে, ৩০ আগষ্টত শাওণ পূৰ্ণিমা তিথিত পুৱাৰে পৰা ভদ্ৰা লাগিব, যিটো নিশালৈ থাকিব।ভদ্ৰাৰ সমাপনৰ পিছত ৰাখী বান্ধিব পাৰে। ৩১ আগষ্টৰ পুৱা ৭ বাজি ৫ মিনিটলৈ শাওণৰ পূৰ্ণিমা তিথি আছে, সেয়েহে আপুনি এই সময়লৈ ৰাখী বান্ধিব পাৰে। ভদ্ৰাৰ বাবে ৰাখীবন্ধন দুদিনীয়া হৈছে।ৰাখীবন্ধন ২০২৩ৰ মুহূৰ্ত
৩০ আগষ্ট : ভদ্ৰা পুৱা ১০.৫০ বজাৰ পৰা নিশা ৯.০১ বজালৈ
ৰাখীবন্ধনৰ মুহূৰ্ত : নিশা ০৯.০১ বজাৰ পিছত
৩১ আগষ্ট : ৰাখীবন্ধনৰ মুহূৰ্ত পুৱা ০৭.০৫ বজালৈ।