কাৰ্বি পাহাৰৰ মনোমোহা ‘ৰিত’ৰ সৌন্দৰ্য দেখিছেনে? জানেনে কি এই ‘ৰিত’?


  

পাহাৰীয়া অঞ্চল মানেই ঝুম খেতি ৷ সেউজীয়া কাৰ্বি পাহাৰত বাস কৰা কাৰ্বিসকলো এই ঝুম খেতিৰ ওপৰতে নিৰ্ভৰশীল ৷ পৰম্পৰাগত কৃষিশৈলীতকৈ যথেষ্ট পৃথক ঝুম খেতি কৰাৰ প্ৰণালী। পূৰ্বৰে পৰা কৰি অহা কাৰ্বিসকলৰ ঝুমতলীত বিভিন্ন ধৰনৰ খেতি কৰা হয়। কাৰ্বি আংলং হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন জিলা।

ইয়াৰ প্ৰধান নিবাসী হৈছে কাৰ্বি জনজাতিৰ লোকসকল। ইয়াৰ উপৰিও কাৰ্বি আংলঙত বড়ো, তিৱা, ৰেংমা, কুকী, মাৰ, অসমীয়া, বঙালী আদি লোকেও বাস কৰে। কাৰ্বি আংলঙত কাৰ্বি লোকসকলৰ পৰম্পৰাত লোকসংস্কৃতি, গীত-মাত, খাদ্য, সাজ-পোছাক আদি অত্যন্ত চহকী। কাৰ্বি জনজাতি লোকসকলে পূৰ্বৰে পৰা পাহাৰত বাস কৰি ভাল পায়।

বহু হাজাৰ বছৰ আগতে কাৰ্বি লোকসকলে পাহাৰৰ হাবি বন কাটি বিভিন্ন ঝুম খেতি কৰিছিল। পূৰ্বৰে পৰা জনজাতিটো পাহাৰতে বাস কৰি জীৱন যাপন কৰি আহিছে৷ কাৰ্বি সকলে ঝুমতলীখনক “ৰিত” বুলি কয়। কাৰ্বিসকলে সাধাৰণতে থাংথাং (ফ্ৰেব্ৰুৱাৰী) মাহত ৰিত বা ঝুম খেতি কৰিবৰ বাবে ঠাই চাবলৈ যায়।

ফ্ৰেব্ৰুৱাৰী মাহতে ৰিত পান অৰ্থাৎ হাবি বন কাটি চাফা কৰে। থেৰেপ’ অৰ্থাৎ মাৰ্চ মাহটো কটা গছ-বন শুকাবলৈ দিয়ে। জাংমি (এপ্ৰিল)ত শুকুৱা গছ-বনসমূহ জ্বলাই দিয়া হয়। ইয়াৰ পিচত বিভিন্ন বীজ ঝুমতলীত ৰোপণ কৰা হয়।কাৰ্বি লোকসকলে ঝুমতলীত মান্দু (জিৰনি চৰা) ঘৰ আৰু হেম্তাপ সাঁজে। কাৰ্বিসকলে সাধাৰণতে ডাঙৰ গছত হেম্তাপ সাঁজে। ঝুমতলীত প্ৰধানকৈ ধান,মাকৈ, লাও, তিল, জলকীয়া, বেঙেনা, ঝাড়ু, তিয়হ, হান্সেৰং, কাঠআলু আদিৰ খেতি কৰা হয়।

আদা, হালধি, জিৰলাং আদিৰ খেতিও কৰে। কাৰ্বি সকলৰ ঝুমতলীত সেউজীয়া শস্যৰ মনোমোহা দৃশ্য অপূৰ্ব। ঝুম খেতিবোৰ একেটা ঠাইত দুই বা তিনি বছৰহে কৰা হয়।

Post a Comment

Previous Post Next Post