আজি গুৱাহাটীলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ, ২ বজাৰ পৰা সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰাৰ ওজৰ–আপত্তিৰ ওপৰত শুনানি


 

আজি গুৱাহাটীলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ (Election Commission of India)। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ ওজৰ–আপত্তিক লৈ বিয়লি ২ বজাৰ পৰা গ্ৰহণ কৰিব শুনানি (Assam Constituency Delimitation)। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ (Srimanta Shankardev Kalakshetra) তিনিটা পৃথক হলত পৃথকে পৃথকে গ্ৰহণ কৰিব শুনানি। কামৰূপ(ম), পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা আৰু ডিমা হাচাও জিলাৰ শুনানি শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩নং হলত হ’ব। বুধবাৰেই একে সময়তে মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰৰ শুনানি গ্ৰহণ কৰিব আয়োগে।

বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাৰ পৰা গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ শুনানি গ্ৰহণ কৰা হ’ব শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত। দৰং, হাইলাকাণ্ডি, কাছাৰ আৰু দক্ষিণ শালমৰাৰ শুনানি ৩নং হলত হ’ব। মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰীৰ শুনানি গ্ৰহণ কৰা হ’ব। পুৱা ৯.৩০ বজাৰ পৰা ২ বজালৈকে এই জিলাসমূহৰ শুনানি বৃহস্পতিবাৰে গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে।

বৃহস্পতিবাৰে বিয়লি ৩.৩০ বজাৰ পৰা শ্ৰীমন্তশংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত দলৰ শুনানি গ্ৰহণ কৰিব আয়োগে৷ এল্ফাবেটিক অৰ্ডাৰত হ’ব ৰাজনৈতিক দলৰ শুনানি৷

শুকুৰবাৰে অৰ্থাৎ তৃতীয় দিনা নিৰ্বাচন আয়োগে পুৱা ৯.৩০ বজাৰ পৰা ১২.৩০ বজালৈ তিনিটা পৃথক হলত ক্ৰমে তিনচুকীয়া, ধেমাজি, লখিমপুৰৰ শুনানি গ্ৰহণ কৰিব। আনটো হলত হ’ব শিৱসাগৰ, যোৰহাটৰ শুনানি। মাধৱদেৱ প্ৰেক্ষাগৃহত হ’ব ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট আৰু মাজুলীৰ শুনানি। এক বিবৃত্তিৰ যোগেদি এই তথ্য সদৰি কৰিছে আয়োগে।উল্লেখ্য যে, অসমৰ সমষ্টি সমূহৰ পুনৰ নিৰ্ধাৰণৰ খচৰা যোৱা ২০ জুনত প্ৰকাশ কৰিছিল দেশৰ নিৰ্বাচন আয়োগে ৷ খচৰা প্ৰকাশ কৰিয়েই দাবী, ওজৰ-আপত্তি, পৰামৰ্শৰ বাবে ১১ জুলাই পৰ্যন্ত সময় দিছিল আয়োগে ৷ আয়োগে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰত প্ৰায় ৫০০ ওজৰ-আপত্তি, পৰামৰ্শ লাভ কৰিছিল নিৰ্বাচন আয়োগে ৷

Post a Comment

Previous Post Next Post