অসমৰ এইখন জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV সংক্ৰমিত ৰোগীৰ সংখ্যা

 


ধুবুৰী জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লৈছে এইচআইভি (HIV) সংক্ৰমিত ৰোগীৰ সংখ্যা। ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ সংহত পৰামৰ্শ আৰু পৰীক্ষণ কেন্দ্ৰ (Integrated Counseling and Testing Centre) চমুকৈ ICTCৰ তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

প্ৰাপ্ত তথ্য অনুসৰি, কেন্দ্ৰটোত ২০২০-২১ বৰ্ষত ১২ গৰাকী, ২০২১-২২ বৰ্ষত  ২৪ গৰাকী,  ২০২২-২৩ বৰ্ষত ৪১ গৰাকী এইচআইভি সংক্ৰমিত হোৱা বুলি চিনাক্ত হোৱাৰ বিপৰীতে কেন্দ্ৰটোত ২০২৩-২৪ বৰ্ষৰ চলিত মাহৰ ২৬ জুনলৈ ৪১ গৰাকীকৈ লোক এইচআইভি সংক্ৰমিত হোৱা বুলি চিনাক্ত হৈছে।

চলিত এই বৰ্ষৰ জানুৱাৰী মাহত ১০ গৰাকী, ফেব্ৰুৱাৰীত ৩ গৰাকী, মাৰ্চত ১১ গৰাকী, এপ্ৰিলত ৭ গৰাকী,  মে’ মাহত ১৯ গৰাকী আৰু জুন মহত ১৮ গৰাকীয়ে এইচআইভি সংক্ৰমিত হোৱা বুলি কেন্দ্ৰটোত ধৰা পৰিছে। এতিয়ালৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ আইচিটিচিৰ পৰীক্ষাত জিলাখনৰ প্ৰায় ৬শ গৰাকী লোক এইচআইভি সংক্ৰমিত হোৱা বুলি চিনাক্ত হোৱা বুলিও জানিব পৰা গৈছে।কেন্দ্ৰটোৰ কাউঞ্চিলাৰ জয়ন্ত কুমাৰ নাথে সদৰি কৰা মতে, পূৰ্বে ধুবুৰী জিলাত বহিঃ ৰাজ্যত দিন হাজিৰা কাম কৰিবলৈ যোৱা শ্ৰমিক শ্ৰেণীৰ লোকৰ পৰাই বেছিকৈ এইআইভি সংক্ৰমিত লোক চিনাক্ত হৈছিল যদিও বিগত ৫/৬ মাহৰ পৰা ড্ৰাগছ সেৱনকাৰীৰ পৰাই বেছিকৈ এইচআইভি সংক্ৰমিত লোক চিনাক্ত হ’বলৈ লৈছে। তাৰেই পৰিপ্ৰেক্ষিতত ড্ৰাগছ সেৱনকাৰীৰ মাজত এটা বেজীৰে কেইবাগৰাকীও  ড্ৰাগছ  লোৱাৰ প্ৰৱণতাৰ ফলতেই জিলাখনত ড্ৰাগছ সেৱনকাৰীৰ পৰা বেছিকৈ এইআইভি সংক্ৰমিত হোৱাৰ ঘটনা ঘটিবলৈ লোৱা বুলি সন্দেহ কৰা হৈছে।

জানিব পৰা মতে, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লিংক এআৰটি চেণ্টাৰ (Link ART Centre)ৰ পৰা বৰ্তমানে ৭১ গৰাকীকৈ এইচআইভি সংক্ৰমিত ৰোগীক নিয়মিত ঔষধ প্ৰদান কৰা হৈ আছে আৰু ঔষধ সেৱনকাৰীসকলৰ  ভিতৰত কেইবাগৰাকীও মহিলাকে ধৰি ৭ গৰাকীকৈ শিশুও আছে। আনহাতে ধুবুৰী জিলা কাৰাগাৰৰ কেইবাগৰাকী কয়েদীও এইচআইভি সংক্ৰমিত হোৱা বুলি চিনাক্ত হৈছে বুলিও ধুবুৰীৰ আইচিটিচি সূত্ৰে জানিব পৰা গৈছে।


Post a Comment

Previous Post Next Post