গুৱাহাটীৰ পৰা নলবাৰীলৈ নিয়া হ’ল বিমান ৰয়ক, আৰম্ভ হৈছে ঘটনাৰ তদন্ত


 

নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ প্ৰাক্তন OC বিমান ৰয়ক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা নিশা নলবাৰীলৈ নিয়া হয় বিমান ৰয়ক। নিশা নলবাৰীতে ৰখা হয় প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীক। নলবাৰী সদৰ থানাৰ পৰা নিশাই স্বাস্থ্য পৰীক্ষা কৰোৱা হয় তেওঁৰ। তাৰ পিছত নলবাৰীৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ নিশাই প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

উল্লেখযোগ্য যে থানাৰ ভিতৰত এগৰাকী নাবালিকাৰ আপত্তিজনক ফটো তোলাৰ গোচৰত অভিযুক্ত এইগৰাকী বিমান ৰয়। ইতিমধ্যে আৰক্ষী সঞ্চালকপ্ৰধানে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল বিমান ৰয়। বৃহস্পতিবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ হয় প্ৰাক্তন আৰক্ষী বিষয়াগৰাকী।

গুৱাহাটীত আটক কৰাৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। গুৱাহাটীৰ পৰা নিশা লৈ যোৱা হয় নলবাৰীলৈ।

Post a Comment

Previous Post Next Post