মণিপুৰৰ ইমা মাৰ্কেটৰ দৰে শিলচৰত এখন সৰু ইমা মাৰ্কেট


 

ইম্ফলত এখন বজাৰ আছে যি মণিপুৰৰ চহকী সংস্কৃতি আৰু ইতিহাসৰ সাক্ষী । কেৱল মহিলা বজাৰৰ বাবেই ই আইকনিক নহয়, ই এছিয়াৰ আটাইতকৈ ডাঙৰ, সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত বজাৰ । ইম্ফলৰ খোৱাইৰমবন্দ বজাৰত অৱস্থিত ‘মাতৃৰ বজাৰ’ বা ইমা কেইথেল বা নুপি কেইথেল নামেৰে পৰিচিত । ৫০০ বছৰীয়া প্ৰাচীনতম এই বজাৰখন ৷

‘ইমা কেইথেল বা ইমা মাৰ্কেট’ত প্ৰায় ৫ হাজাৰ মহিলা দোকানীৰ অনুজ্ঞাপত্ৰ আছে । এই অনুজ্ঞাপত্ৰসমূহ এটা পৰিয়ালত এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰেৰণ কৰা হয় । এছিয়া আৰু সম্ভৱতঃ বিশ্বৰ ভিতৰতে ইয়াক মহিলাৰ সৰ্ববৃহৎ বজাৰ হিচাপে গণ্য কৰা হয় ।মণিপুৰৰ ইমা মাৰ্কেটৰ‌ কথা কোৱাৰ আৰত এটা কাৰণ আছে । অসমৰ দ্বিতীয় বৃহত্তম চহৰ বুলি ধৰা হয় শিলচৰক ।এই শিলচৰত বৃহত্তৰ জনসংখ্যা হৈছে বঙালিৰ । কাছাৰ জিলাৰ শিলচৰ চহৰৰ মাজমজিয়াত এখন বজাৰ যি বজাৰ মহিলাৰ দ্বাৰা পৰিচালিত । শিলচৰ সদৰঘাটত যি দলং আছে ঠিক সেই দলঙৰ তলত আৰু পৌৰসভাৰ ঠিক বিপৰীত ঠাইতে অৱস্থিত মেইটেই মণিপুৰী‌ মহিলাসকলৰ দ্বাৰা পৰিচালিত এই বজাৰ । শিলচৰৰ এই ইমা মাৰ্কেটত পোৱা যায় মুড়ি, চিৰা, মুড়িৰ লাড়ু আৰু আখৈ ।
হাতেৰে বনোৱা হয় এইবোৰ খাদ্যবস্তু ।‌ ইয়াত‌ বৰা ধানৰ‌ চিৰা পোৱা যায় । সমগ্ৰ শিলচৰৰ এইখন এখন‌ ঠাই য’ত বৰা ধানৰ চিৰা বিখ্যাত । যি কোনো ক্ৰেতাই ক’ব যে সোৱাদযুক্ত বৰা চাউলৰ‌ চিৰাৰ‌ একমাত্ৰ ঠিকনা‌ সদৰঘাটৰ বজাৰ ।

Post a Comment

Previous Post Next Post