অব্যাহত থাকক সফলতাৰ ধাৰা : তেজপুৰত দুই শতাধিক শিক্ষাৰ্থীক উদগনিমূলক সম্বৰ্ধনা



 শেহতীয়াকৈ ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল । উক্ত ফলাফল অনুসৰি দুয়োটা পৰীক্ষাতে সুখ্যাতিৰে উত্তীৰ্ণ হ’ল বহু মেধাৱী ছাত্ৰ-ছাত্ৰী ৷ মেধাৰ পৰিচয় দি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে উদগনিমূলক মন্তব্যৰে পৰৱৰ্তী সময়খিনিতো সফলতাৰ ধাৰা অব্যাহত ৰখাৰ বাবে অনুপ্ৰেৰণা যোগোৱা পৰিলক্ষিত হৈছে ৷


বিভিন্ন ঠাইত আয়োজন কৰি অহা হৈছে সম্বৰ্ধনা সভা ৷ বৃহস্পতিবাৰেও তেজপুৰত আয়োজন কৰা হ’ল কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদগনি যোগোৱাৰ অৰ্থে সম্বৰ্ধনা সভা ৷ য’ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ দুশ শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷ নেচনেল ষ্টুডেণ্টছ ইউনিয়ন অব্ ইণ্ডিয়াৰ উদ্যোগত আৰু ইউনিয়নৰ শোণিতপুৰ জিলা শাখাৰ সহযোগত তেজপুৰস্থিত হেম বৰুৱা ভৱনত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ সভাপতিত্ব অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটোত এন.এচ.ইউ.আই’ৰ ৰাজ্যিক সভাপতি কৃষানু বৰুৱা¸ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি মাধুৰ্য গোস্বামী¸ সাধাৰন সম্পাদক অভিজিৎ হাজৰিকা¸ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য¸ সম্পাদক ৰাণা বৰা, জিলা কংগ্ৰেছৰ উপ-সভাপতি অনুজ মেচ্, দ্বীপজ্যোতি দাস, ৰাজ্যিক উপ-সভাপতি কৌশিক কাশ্যপ, সাধাৰণ সম্পাদক ফৰিদ আহমেদ, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য ৰাজনীত নাথকে আদি কৰি কংগ্ৰেছ আৰু এন এছ ইউ আইৰ বহুতো বিষয়ববীয়ায়াই উক্ত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ উক্তপ দুশ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা পত্ৰৰ লগতে অসমীয়াৰ স্বাভিমান এখনি গামোচাৰে সম্বৰ্ধনা জনাই অনাগত সময়ৰ বাবে শুভেচ্ছা জনোৱা হয় ৷ উল্লেখ্য যে, সম্বৰ্ধনা সভাখনত উপস্থিত আমন্ত্ৰিত অতিথিসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা মন্তব্য প্ৰদান কৰে ৷ শিক্ষাৰ্থীসকলে যাতে সম্ভাব্য অভাৱ-অভিযোগ নেওচি সুকলমে শৈক্ষিক জীৱনটো আগুৱাই নি নিজকে মানৱ সম্পদ হিচাবে গঢ়ি তুলিব পাৰে তাৰ বাবে শুভকামনা জ্ঞাপন কৰে ৷

Post a Comment

Previous Post Next Post