গুৱাহাটীৰ আৰ্য নগৰ নতুন উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা। সেতুৰ ওপৰতে মুখামুখি সংঘৰ্ষ দুখন বাহনৰ।
এল্টো আৰু চুইফট ডিজিয়াৰৰ মাজত সংঘটিত এই দুৰ্ঘটনাত ৫ জন লোক আহত হয়। ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
দুয়োখন বাহনৰে চালক-আৰোহীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য, দুৰ্ঘটনাগ্ৰস্ত দুয়োখন গাড়ীৰে সন্মুখভাগৰ বিস্তৰ ক্ষতি হয়।
