সুদীৰ্ঘ ১৮ বছৰৰ অন্তত সশস্ত্ৰ সংগ্ৰামৰ অন্ত পৰিল আদিবাসী পিপুলছ আৰ্মি (আপা) আদিবাসী বিদ্ৰোহী সংগঠনটোৰ৷ ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ পিছতেই ঐতিহাসিক সিদ্ধান্ত৷ ঢেকিয়াজুলিৰ ধলগুৰিত আদিবাসী পিপুলছ আৰ্মি সংগঠনৰ অস্থায়ী শিবিৰত ফ্লেগ ডাউন কাৰ্যসূচী।
অস্ত্ৰৰে কেতিয়াও সমস্যা সমাধান নহয়৷ আলোচনাইহে সমস্যা সমাধান কৰে৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ঐতিহাসিক পদক্ষেপত সুদীৰ্ঘ ১৮ বছৰ সশস্ত্ৰ সংগ্ৰামৰ অন্তত ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ পিছতেই আজি আদিবাসী পিপুলছ আৰ্মি চমুকৈ আপাৰ পৰিসমাপ্তি ঘটিল৷ ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ পিছত আজি গুৱাহাটীত আদিবাসী পিপুলছ আৰ্মি (আপা)কে ধৰি ৰাজ্যৰ ৫টাকৈ আদিবাসী সশস্ত্ৰ সংগঠনৰ ৮টা গোটে চৰকাৰৰ হাতত অস্ত্ৰ সম্বৰণ কৰিলে৷
ইয়াৰ লগে লগে সুদীৰ্ঘ ১৮ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ পৰিসমাপ্তি ঘটিল আদিবাসী পিপুলছ আৰ্মি(আপা) নামৰ সংগঠনটোৰ৷ আজি গুৱাহাটীত ৫টাকৈ আদিবাসী সশস্ত্ৰ সংগঠনে অস্ত্ৰ সম্বৰণ কৰিলে৷ ইয়াৰ সমান্তৰালকৈ ঢেকিয়াজুলিৰ ঢলগুৰিত থকা (আপা)ৰ অস্থায়ী শিবিৰত Flag Down কাৰ্যসূচী সম্পন্ন হয়৷ ঢেকিয়াজুলিৰ ঢলগুৰিত থকা আপাৰ অস্থায়ী শিবিৰত সংগঠনৰ পতাকা নমাই আপাৰ ৮৫ বেটেলিয়নৰ কামাণ্ডাৰ লাল মুৰ্মু ওৰফে মুন্না মুৰ্মুৱে৷উল্লেখ্য যে আদিবাসী পিপুলছ আৰ্মি (আপা)ৰ জন্ম হৈছিল ২০০৫ চনত৷ ২০১২চনত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ আমোলত যুদ্ধবিৰতি কৰি শান্তি আলোচনালৈ অহাৰ পিছত ২০২২ চনত বিজেপিৰ চৰকাৰৰ লগত ঐতিহাসিক আদিবাসী শান্তি চুক্তি সম্পন্ন হৈছিল৷ চুক্তি অনুসৰি আজি ৫টা আদিবাসী বিদ্ৰোহী সংগঠনে অস্ত্ৰ সম্বৰণ কৰাৰ লগতে Flag Down কৰিছে৷
