নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক অৱশেষত চমজি ল’লে নলবাৰী আৰক্ষীয়ে। ৯ দিনৰ মূৰত আৰক্ষীৰ জালত পৰা ঘগ্ৰাপাৰ কাণ্ডৰ খলনায়ক বিমান ৰয়ক আজি পুৱা আটক কৰা হৈছিল। গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বিমান ৰয়ক।
অসুস্থ অৱস্থাত উদ্ধাৰ হোৱা বিমান ৰয়ক GMCHত ভৰ্তি কৰোৱা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিমান ৰয়ক আৰক্ষী বিষয়া অনিন্দিতা গগৈৰ নেতৃত্বত ভঙাগড় আৰক্ষী থানাত উপস্থিত হোৱা নলবাৰী আৰক্ষী দলে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত তেওঁক নলবাৰীলৈ লৈ গৈ থকা হৈছে।
উল্লেখযোগ্য যে থানাৰ ভিতৰত এগৰাকী কিশোৰীৰ আপত্তিজনক ফটো তোলাৰ অভিযোগৰ পিছত বিমান ৰয় পলাই আছিল। বিভাগীয় তদন্ত অনুসৰি বিমান ৰয়ক বৰ্খাস্ত কৰিছিল ডিজিপি জি পি সিঙে।
