মানসিক বিকাৰগ্ৰস্ত লোকক চিকিৎসা কৰাৰ লগতে পৰিষ্কাৰ কৰি দিলে এক নতুন ৰূপ

 


এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা ৷ মানসিক বিকাৰগ্ৰস্ত লোকক চিকিৎসা কৰোৱাৰ লগতে দিলে এক নতুন ৰূপ ৷ অসম আৰক্ষী বিভাগৰ মূল লক্ষ্য হ’ল ৰাজ্যত শান্তি-শৃংখলা বজাই ৰখা। লগতে, অপৰাধজনিত কাৰ্য ৰোধ কৰা আৰু কোনো ধৰণৰ ভেদ-ভাৱ নাৰাখি জনসাধাৰণক সুৰক্ষা প্ৰদান কৰা। সততা, নিয়মানুৱৰ্তিতা, দায়িত্ববোধ আৰু নিৰ্ভীকতা হৈছে অসম আৰক্ষীৰ কাৰ্যপন্থাৰ চালিকা শক্তি।

আন্তৰিকতা, উৎসৰ্গা আৰু সমবেদনাক ভিত্তি কৰি আৰু ভাৰতীয় সংবিধানৰ আওতাত থাকি নাগৰিকৰ অধিকাৰ, সুৰক্ষা আৰু সন্মান ৰক্ষা কৰাক অসম আৰক্ষীয়ে প্ৰাধান্যতা দিয়ে। গণতন্ত্ৰত প্ৰকৃততে এক সহযোগিতাৰ বাতাৱৰণ বঢ়াবলৈ আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্ৰাস কৰি এটা সু-সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো অসম আৰক্ষীয়ে অহৰ্নিশে কাম কৰি আহিছে।

আইনক প্ৰাধান্যতা দি এই বিভাগে জনসাধাৰণক সুৰক্ষা প্ৰদানেৰে অপৰাধ চিনাক্তকৰণ আৰু ৰোধৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এখন অপৰাধমুক্ত ৰাজ্য হিচাবে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত অসম আৰক্ষী দক্ষ, ব্যক্তিত্বপূৰ্ণ আৰু সেৱাবৃত্তি মনোভাৱেৰে পৰিচিত। 

ইয়াৰ উপৰিও সময়ৰ লগে লগে এক গতিশীলতা প্ৰদানেৰে আৰক্ষী ব্যৱস্থাক উন্নীতকৰণ কৰি তোলাত অসম আৰক্ষী সদায়েই দায়বদ্ধ।ঠিক এনেসময়তে এগৰাকী আৰক্ষী বিষয়াই দেখুৱালে মানবীয়তাৰ সুন্দৰ নিদৰ্শন ৷ অশেষ কৰ্মব্যস্ততাৰ মাজতো তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নবীন চেতিয়াই কাকপথাৰ চহৰত ঘূৰি ফুৰা মানসিকভাৱে অসুস্থ এগৰাকী লোকক চিকিৎসা কৰায়। লগতে তেওঁক পৰিষ্কাৰ কৰি নতুন পোচাক প্ৰদান কৰি এক নতুন ৰূপ দিয়ে আৰক্ষী বিষয়া নবীন চেতিয়াই ৷ উল্লেখযোগ্য যে এইগৰাকী আৰক্ষী বিষয়াই কাকপথাৰ অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানকো সহযোগ কৰি আহিছে ৷অতি নম্ৰ স্বভাৱৰ এই গৰাকী আৰক্ষী বিষয়াৰ এই কৰ্মই মহানুভৱতাক এতিয়া শলাগ লৈছে কাকপথাৰ বাসীয়ে। এনে ধৰণৰ সমাজৰ গঠনমূলক কৰ্ম পূৰ্বতেও আৰক্ষী বিষয়া গৰাকীয়ে ৰাজ্যৰ বিভিন্ন স্থানত কৰিছে। অনাগত দিনত কাকপথাৰৰ আৰক্ষী বিষয়া নবীন চেতিয়াই সমাজৰ বাবে কাম কৰি যাব বুলি আশাবাদী।

Post a Comment

Previous Post Next Post