ডিফুত বাণিজ্যিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কৰ বিভাগৰ অভিযান


 

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কৰ বিভাগে ভোলংকম (বকলীয়াঘাট) অঞ্চলৰ কেইবাখনো দোকানত আজি বৈধ ব্যৱসায়িক অনুজ্ঞাপত্ৰ আৰু নথি-পত্ৰ পৰীক্ষা কৰে। বেপাৰ-বাণিজ্য কৰাৰ ক্ষেত্ৰত সঠিক বৈধ ব্যৱসায়িক অনুজ্ঞাপত্ৰ থকাটো অতি আৱশ্যক।

বৰ্তমান কাৰ্বি আংলঙৰ সৰহ সংখ্যক দোকানৰে নাই বৈধ ব্যৱসায়িক অনুজ্ঞাপত্ৰ। কৰ পৰিদৰ্শক নিকছন টেৰাং, সৰবং টকবি, খোৰছিং টেৰাং, বৰলংকি এংলেং, ৰকিম পাটৰ, সৰ্পাংগ্ৰী ৰংহাং আৰু বিদ্যাসিং ৰংহাঙৰ লগতে কৰ কৰ্মচাৰীয়ে এই অভিযান চলায়।

দলটোৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি এই অভিযানৰ সময়ত নথি পত্ৰ অবিহনে চলাই থকা বহু দোকান ধৰা পৰে ৷ লগতে তেওঁলোকে কয় যে এই অভিযান আগলৈও চলি থাকিব ৷

Post a Comment

Previous Post Next Post