ৰাজ্যত সক্ৰিয় ৰূপ ধাৰণ কৰা ড্ৰাগছৰ এটা বৃহৎ চক্ৰ ক্ৰমাৎ পোহৰলৈ আহিছে। বুধবাৰে পুনৰ জালুকবাৰীত STFৰ ড্ৰাগছ বিৰোধী অভিযান চলে।
দৰাচলতে, ২৫ জুনত জালুকবাৰী আৰু হাজোত চলা কামৰূপ আৰক্ষীৰ STF অভিযানত ১৮ কোটি মূল্যৰ ড্ৰাগছ জব্দ হৈছিল। সেই ঘটনাৰ লগত জড়িত সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত ৫ জুলাইত পুনৰ জালুকবাৰীত STFৰ অভিযান চলে।
বুধবাৰে জালুকবাৰীৰ শৰাইঘাট এপাৰ্টমেন্টত চলা অভিযানত আৰক্ষীয়ে প্ৰায় ১ কেজি ৪০০ গ্ৰাম ওজনৰ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰে।
উল্লেখ্য যে, ২৫ জুনত কামৰূপ আৰক্ষীৰ Addl SP (HQ) কল্যাণ পাঠকৰ নেতৃত্বত STFএ হাজোত ১ কেজি ৩০০ গ্ৰাম হিৰইন জব্দ কৰিছিল। লগতে মণিপুৰৰ আব্দুল হাছান আৰু মুস্তাক আলী নামৰ দুই সৰবৰাহকাৰীক আটক কৰিছিল। জানিব পৰা মতে AS01DT2876 নম্বৰৰ এখন টয়’টা ফৰচুনাৰ গাড়ীৰে মণিপুৰৰ পৰা ড্ৰাগছখিনি অনা হৈছিল।
দুয়োৰে স্বীকাৰোক্তিৰ পাছতেই জালুকবাৰীৰ বি জি কলনীৰ এটা অট্টালিকাত ৯০০ গ্ৰাম হিৰ’ইন জব্দ হৈছিল। পৰৱৰ্তী সময়ত দুয়োকে চলোৱা জেৰাৰ পাছতেই ধৰা পৰিছিল দিলোৱাৰ হুছেইন নামৰ আন এটা সৰবৰাহকাৰী।
এই সৰবৰাহকাৰীটোৰ তথ্যৰ ভিত্তিতেই বুধবাৰ অৰ্থাৎ ৫ জুলাইত নিচাযুক্ত বৃহৎ সংখ্যক য়াবা টেবলেটখিনি উদ্ধাৰ হয়।
