ৰাজ্যৰ বিভিন্ন ঠাইত এফালে প্ৰখৰ ৰ’দৰ বাবে গৰম পৰিছে। আনহাতে আকৌ কোনো কোনো ঠাইত বৰষুণ হোৱা পৰিলক্ষিত হৈছে। বিগত কেইদিনমানৰ পৰা মানুহে গৰমৰ মাজেৰে পাৰ কৰি থকাৰ মাজতে বিগত দুদিন ধৰি বৰষুণৰ ফলত মানুহে গৰমৰ পৰা সকাহ পাইছে।
অৱশ্যে, দিনৰ ভাগত প্ৰায়েই ৰ’দ দিছে যদিও ৰাতিৰ ভাগত ৰাজ্যৰ কোনো কোনো ঠাইত বৰষুণ দিছে। আজি ৰাজ্যৰ কোন ঠাইত বতৰ কেনেকুৱা হ’ব সেই বিষয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, গুৱাহাটীৰ ৱেবচাইটে তথ্য আগবঢ়াইছে।
এই তথ্য অনুসৰি, আজি ৰাজ্যৰ মুখ্য চহৰসমূহৰ সৰ্বোচ্চ তাপমান গুৱাহাটীত ৩২ ডিগ্ৰী, শিলচৰত ৩৪ ডিগ্ৰী, গোৱালপাৰাত ৩২ ডিগ্ৰী, গোলাঘাটত ৩১ ডিগ্ৰী, যোৰহাটত ৩১ ডিগ্ৰী আৰু লখিমপুৰত ৩১ ডিগ্ৰী হ’ব।
আনহাতে সৰ্বনিম্ন তাপমান গুৱাহাটীত ২৬ ডিগ্ৰী, শিলচৰত ২৫ ডিগ্ৰী, গোৱালপাৰাত ২৭ ডিগ্ৰী, গোলাঘাটত ২৫ ডিগ্ৰী, যোৰহাটত ২৫ ডিগ্ৰী আৰু লখিমপুৰত ২৫ ডিগ্ৰী হ’ব।উল্লেখ্য যে, আজি ৰাজ্যৰ বেছিভাগ ঠাইতে বতৰ সেমেকা আৰু দিনটো বতৰ ডাৱৰীয়া থাকিব। লগতে কোনো কোনো ঠাইত দিনৰ ভাগতো বৰষুণ হ’ব পাৰে। দিনটোৰ শেষলৈ প্ৰায়বোৰ জিলাতে বৰষুণৰ সম্ভাৱনা অত্যধিক। ইয়াৰোপৰি, বিচ্ছিন্ন এলেকাসমূহত বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনাও আছে।
