এবিধ বিশেষ ফল। দেখিবলৈ কঁঠালৰ দৰে। কঁঠাল নহয়, কিন্তু কঁঠাল সদৃশ এবিধ ফল। কঁঠালতকৈ আকৃতিত সৰু ৰঙা ৰঙৰ এই ফলবিধৰ নাম হৈছে গেক ফল। এটা ক্ৰিকেট বলৰ দুগুণ আকৃতিৰ এই ফলটো হৈছে ভিয়েটনামৰ। দেখাত সাইলাখ কঁঠালৰ দৰে যদিও এই ফলটো লতাজাতীয় গছতহে লাগে।
কঁঠাল আৰু গেক ফল (Gac Fruit) খোৱাৰ ধৰণ সৰ্ম্পূন বেলেগ। কঁঠাল (Jack Fruit) কেঁচা অথাব পকা ফুট হিচাপে খোৱা হয়। কিন্তু গেক ফল ৰস উলিয়াই খোৱা হয়। গেক ফলৰ ভিতৰৰ বীজবোৰ কঁঠালৰ দৰেই যদিও ৰঙা ৰঙৰ। সোণাপুৰৰ ডেফোডিল নাৰ্ছাৰীৰ স্বত্বাধিকাৰী ড০ ধ্ৰুৱজ্যোতি শৰ্মাই এগৰাকী পৰ্যটকে উপহাৰ হিচাপে দিয়া এটা পুলিৰ পৰা এতিয়া এই ফলবিধৰ সোৱাদ ল’বলৈ সক্ষম হৈছে।
ফলবিধৰ বিষয়ে বৰ্ণনা কৰি এই ফলবিধৰ পানীয় কি দৰে উলিয়াই তাকো দেখুৱাই দিলে ডাফোডিল নাৰ্চাৰীৰ স্বতাধিকাৰী ড০ ধ্ৰুৱজ্যোতি শৰ্মাই। এগৰাকী বিদেশী পৰ্যটকৰ পৰা উপহাৰ হিচাপে লাভ কৰা ফলবিধৰ উপকাৰিতা সৰ্ম্পকেও ক’লে ড০ ধ্ৰুবাজ্যোতি শৰ্মাই।গেক (মোমোৰ্ডিকা কোচিনচিনেন্সিছ) হৈছে সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দেশ আৰু উত্তৰ-পূব অষ্ট্ৰেলিয়াত উৎপন্ন হোৱা এক প্ৰকাৰৰ চিৰস্থায়ী তৰমুজ। ইয়াৰ বিটা-কেৰোটিন আৰু লাইকোপেনৰ সমৃদ্ধ সমলৰ ফলত হোৱা উজ্জ্বল কমলা-ৰঙা ৰঙৰ বাবে উল্লেখযোগ্য।
ঔষধ হিচাপে ইয়াৰ ব্যৱহাৰ ১২০০ বছৰৰ আগতে চীন আৰু ভিয়েটনামত হৈছিল। ভাৰত, শ্ৰীলংকা, থাইলেণ্ডত বিভিন্ন ধৰণে ব্যৱহাৰ হয় গেক ফল। কেঁচা অৱস্থাত পাচলি হিচাপেও ব্যৱহাৰ হয় ভাৰতত। বৰ্তমান অসমৰ প্ৰখ্যাত ডেফোডিল নাৰ্চাৰীত এই গেক ফলৰ খেতি কৰাত সফল হৈছে স্বতাধিকাৰী ড০ ধ্ৰুৱজ্যোতি শৰ্মা। ফলবিধৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ভালকৈ খেতি কৰাৰ লক্ষ্য ড০ ধ্ৰুৱজ্যোতি শৰ্মাৰ।
