আভাজ্যোতি ৰাভাৰ স্বীকাৰোক্তিৰ সত্যতা বিচাৰি হয়বৰগাঁও আৰক্ষী চকীত CBIৰ অভিযান


 

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে অহা চিবিআইৰ দলৰ তদন্তই এটা মাহ পাৰ কৰিলে। কিন্তু বৰ্তমানলৈকে তদন্তৰ সংক্ৰান্তত চিবিআইৰ দলটোৱে সংবাদ মাধ্যমৰ সন্মুখত কোনো তথ্য প্ৰকাশ কৰা নাই। আজি পুনৰ চিবিআইৰ দলটোৱে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত অভিযান চলায়।

জানিব পৰা মতে, অভিযানৰ সময়ছোৱাত তদন্তকাৰী দলটোৱে ১৫ মে’ৰ নিশাৰ CCTv ভিজুৱেল পৰীক্ষা কৰে। উল্লেখযোগ্য যে ১৫ মে’ৰ নিশা প্ৰায় ৯ বজাত হয়বৰগাঁও আৰক্ষী চকীত উপস্থিত হৈছিল জোনমণি ৰাভা। হয়বৰগাঁৱৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাই তদন্তকাৰী বিষয়াক দিয়া স্বীকাৰোক্তি অনুসৰি জোনমণি ৰাভাই তেওঁৰ সন্মুখত লক্ষীমপুৰত উৎকোচ লৈ অপৰাধী এৰি দিয়া বিষয়টো স্বীকাৰ কৰিছিল।

সেয়ে জোনমণিয়ে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰলৈ যাবলৈ তেওঁক লগ ধৰিছিল জোনমণিৰ অনুৰোধত আভাজ্যোতি আৰক্ষী অধীক্ষক লীনা দলেৰ বাংলোলৈ গৈছিল যদিও ঘূৰি অহাৰ সময়ত জোনমণি নিজৰ গাড়ীত অ’চি মনোজ ৰাজবংশীৰ সৈতে কোৱাৰ্টাৰলৈ ঘূৰি গৈছিল। ইয়াৰ পৰিৱৰ্তে আভাই চৰকাৰী বাহনত হয়বৰগাঁও আৰক্ষী চকীলৈ ঘূৰি গৈছিল আৰু জোনমণিৰ দুৰ্ঘটনাৰ খবৰ অহাৰ আগলৈকে আৰক্ষী চকীতে আছিল। আভাৰ এই স্বীকাৰোক্তিৰ সত্যতা প্ৰমাণৰ বাবে আজি চিবিআইৰ দলটোৱে ১৫ মে’ৰ নিশাৰ চিচিটিভি ভিজুৱেল পৰীক্ষা কৰে।উল্লেখযোগ্য যে বুধবাৰে চিবিআইৰ দলটোৱে মৰিকলং আৰক্ষী চকীত অভিযান চলোৱাৰ লগতে বৃহস্পতিবাৰে জোনমণিৰ একাউণ্ট থকা বেংকৰ দুই বিষয়াকো জেৰা চলাইছিল। জোনমণিয়ে মৃত্যুৰ কেইদিনমান পূৰ্বে ২ লাখ টকাৰে IPhone আৰু Macbook কিনাৰো তথ্য লাভ কৰিছিল চিবিআয়ে।

Post a Comment

Previous Post Next Post