আলফাৰ নামত ধনদাবী কৰা তথা আলফাৰ লিংকমেন বুলি দাবী কৰি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তথা এনকাউণ্টাৰ কৰা সন্দৰ্ভত আজি আলফা স্বাধীনৰ পৰা এক বিবৃতি জাৰি কৰা হৈছে।
আলফা স্বাধীনৰ প্ৰচাৰ সম্পাদক ৰুৰেল অসমৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰা হয় যে ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ পুষ্পাঞ্জলি গগৈ নামৰ এগৰাকী মহিলাক ৩ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰি তেওঁ আলফা স্বাধীনৰ নামত ধনদাবী কৰা বুলি প্ৰচাৰ কৰা হৈছে। ইয়াৰ লগতে শিৱসাগৰৰ হেম চেতিয়া নামৰ এগৰাকী ব্যক্তিক একেই কাৰণত ‘‘শীতল মস্তিষ্ক’‘ৰে গুলীয়াই আহত কৰে।
আলফা স্বাধীনে দাবী কৰা মতে, এই লোককেইগৰাকীৰ সৈতে সংগঠনটোৰ কোনো সম্পৰ্ক নাই। কিন্তু অসম আৰক্ষীয়ে আলফাৰ সৈতে সম্পৰ্কিত বুলি প্ৰচাৰ চলাই থলগিৰি লোকক নিৰ্যাতন চলাই আহিছে।
এইক্ষেত্ৰত সংগঠনটোৱে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙক দোষাৰোপ কৰি উল্লেখ কৰে– এনেধৰণে বীৰত্ব প্ৰদৰ্শন কৰাটো বন্ধ কৰক নহয় অসম এৰক। এয়া আলফাৰ শেষ সকীয়নি বুলিও বিবৃতিযোগে সকীয়নি দিয়ে।