''দুৰ্নীতিগ্ৰস্ত বিষয়া–নেতা–আৰক্ষীক এনকাউণ্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিয়ক''- আলফা স্বাধীন



অসম আৰক্ষীৰ ডিজিপি জি পি সিঙক শেষ সকীয়নি দি আলফা স্বাধীনে ভুৱা এনকাউণ্টাৰ বন্ধ অন্যথা অসম ত্যাগ কৰাৰ হুমকি দিয়ে।উল্লেখ্য, আলফা স্বাধীনৰ নামত ধনদাবী কৰা তথা আলফাৰ লিংকমেন বুলি দাবী কৰি এনকাউণ্টাৰ কৰা সন্দৰ্ভত আজি আলফা স্বাধীনৰ পৰা এক বিবৃতিযোগে এই সকীয়নি দিয়া হয়।

আলফা স্বাধীনৰ প্ৰচাৰ সম্পাদক ৰুৰেল অসমে স্বাক্ষৰ কৰা বিবৃতিটোত প্ৰকাশ কৰা হয় যে সংগঠনটোৰে জড়িত নথকা লোকক আলফা স্বাধীনৰে জড়িত বুলি প্ৰচাৰ চলাই অসম আৰক্ষীয়ে বীৰত্ব প্ৰদৰ্শন কৰি আহিছে।

কিন্তু এয়া আলফা স্বাধীন (ULFA-I)ৰ দৃষ্টিত থলগিৰি অসমীয়াৰ ওপৰত চলি থকা নিৰ্যাতন। সংগঠনটোৱে বিবৃতিযোগে কয়– ‘‘জধে–মধে ভুৱা এনকাউণ্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰাতকৈ অসমৰ থলগিৰি জনতাৰ কৰ–কাটলেৰে জমা হোৱা ৰাজকোষৰ কোটি কোটি টকা অন্যায়ভাৱে আত্মসাৎ কৰা বঙাইগাঁৱৰ ACS বিশ্বজিৎ গোস্বামী, মৃণালকান্তি সৰকাৰৰ দৰে দুৰ্নীতিগ্ৰস্ত ব্যক্তি, কয়লা, বাৰ্মীজ চুপাৰিৰ ছিণ্ডিকেট চলাই সম্পত্তিৰ পাহাৰ গঢ়া মিলন বুঢ়াগোহাঁই, লাচিত গগৈৰ লগতে তেওঁলোকে প্ৰকাশ কৰা আৰক্ষী তথা চৰকাৰী বিষয়াসকলক এনকাউণ্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিয়ক।’’উল্লেখ্য, ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ পুষ্পাঞ্জলি গগৈ নামৰ এগৰাকী মহিলাক ৩ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ, শিৱসাগৰৰ হেম চেতিয়া নামৰ এগৰাকী ব্যক্তিক একেই কাৰণত ‘‘শীতল মস্তিষ্ক’‘ৰে গুলীয়াই আহত কৰা ঘটনা আলফা স্বাধীনৰ নামত ধনদাবী কৰা বুলি চলোৱা এক প্ৰচাৰ বুলি সংগঠনটোৱে প্ৰকাশ কৰে।

আলফা স্বাধীনে দাবী কৰা মতে, এই লোককেইগৰাকীৰ সৈতে সংগঠনটোৰ কোনো সম্পৰ্ক নাই। কিন্তু অসম আৰক্ষীয়ে আলফাৰ সৈতে সম্পৰ্কিত বুলি প্ৰচাৰ চলাই থলগিৰি লোকক নিৰ্যাতন চলাই আহিছে।

এইক্ষেত্ৰত সংগঠনটোৱে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙ (DGP G P Singh)ক দোষাৰোপ কৰি উল্লেখ কৰে– এনেধৰণে বীৰত্ব প্ৰদৰ্শন কৰাটো বন্ধ কৰক নহয় অসম এৰক। এয়া আলফাৰ শেষ সকীয়নি বুলিও বিবৃতিযোগে সকীয়নি দিয়ে।

Post a Comment

Previous Post Next Post