বিজেপিৰ লাচিত গগৈ আৰু আটাছুৰ মিলন বুঢ়াগোহাঁইৰ মাজৰ কথোপকথনৰ ভাইৰেল অডিঅ’ক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ লাচিত গগৈক ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত বিজেপিয়েও নিলম্বন কৰিছে নেতাগৰাকীক ৷ ইফালে মিলন বুঢ়াগোহাঁইক আটাছুৱে অপসাৰণ কৰাৰ পিছত আটাছুৰ পুৰণি সংঘাত পুনৰ মূৰ দাঙি উঠিছে ৷
দুটাকৈ ভাইৰেল অডিঅ’ৰ পিছতে পুনৰ পুৰণি সংঘাতে মূৰ দাঙি উঠিছে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাত ৷ আহোম জনগোষ্ঠীৰ কণ্ঠ বুলি দাবী কৰি শাসকীয় দলৰ দালালি কৰাৰ প্ৰমাণ দিয়া ভাইৰেল অডিঅ’ কাল হ’ল আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ ৷ এই ভাইৰেল অডিঅ’ৰ পূৰ্বে লটাৰী কেলেংকাৰীত জামিন লৈছিল মিলন বুঢ়াগোহাঁয়ে ৷
মিলন বুঢ়াগোহাঁইৰ বিৰুদ্ধে আনকি এটা প’ৰ্টেলত তেল চুৰিৰ অভিযোগৰ বাতৰি সম্প্ৰচাৰিত হৈছিল ৷ জাতিক অন্ধকাৰত ৰাখি বিজেপিৰ দালালি কৰা মিলন বুঢ়াগোহাঁইক আটাছুৰ কেন্দ্ৰীয় সমিতিয়ে শনিবাৰে পলাতক নেতা গৰাকীক অপসাৰণ কৰিলে ৷ আটাছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিলে বসন্ত গগৈক ৷ পিছে পুনৰ বিভাজন হোৱাৰ পথত আটাছু ৷
মিলন বুঢ়াগোহাঁইক অপসাৰণত পূৰ্ণ সমৰ্থন থাকিলেও বসন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়াত ক্ষুব্ধ একাংশ আটাছু কৰ্মী। ৰংঘৰত এক বৈঠকত মিলিত হৈ বসন্ত গগৈৰ বিৰোধিতা কৰি নতুন সমিতি গঠনৰ কুছকাৱাজ একাংশৰ ৷ বসন্ত গগৈৰ বিৰোধী ফৈদৰ প্ৰশ্ন, কাৰ্যকৰী সভাপতি থাকোঁতে উপসভাপতি বসন্ত গগৈক কিয় দিয়া হ’ল দায়িত্ব ৷ পদবী, ক্ষমতাৰ লোভ, ব্যক্তিগত স্বাৰ্থ, ৰাজনৈতিক নেতাৰ সৈতে একাংশ নেতাৰ অধিক ঘনিষ্ঠতাই লাজ লগাকৈ বিভাজন আনিছে আহোমৰ অন্যতম শক্তিশালী কণ্ঠ আটাছুত ৷