মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু। ভঙাগড়ৰ ৰূপনগৰৰ এটা কোঠাত উদ্ধাৰ হয় মণিপুৰৰ যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকীৰ নাম ৰেবিকা থাওডাম।
ৰূপনগৰৰ গণেশ মন্দিৰ পথত সমীপৰ এটা বাসগৃহত ভাৰাতীয়া হিচাপে আছিল মৃত যুৱতীগৰাকী আৰু তেওঁৰ প্ৰেমিক ৰোহিত শইকীয়া।
কিন্তু যুৱতী গৰাকীক মৃতদেহ এনেদৰে উদ্ধাৰ হোৱাত এয়া হত্যাকাণ্ড বুলি দাবী কৰিছে যুৱতীৰ পৰিয়ালৰ লোকে। প্ৰেমিক ৰোহিত শইকীয়াই যুৱতী গৰাকীক হত্যা কৰাৰ সন্দেহ কৰে পৰিয়ালে।
সম্প্ৰতি GMCHৰ মৰ্গত ৰখা হৈছে যুৱতী গৰাকীৰ মৃতদেহ। ইফালে ভঙাগড় আৰক্ষীয়ে আটক কৰিছে যুৱতীগৰাকীৰ প্ৰেমিক ৰোহিত শইকীয়াক।
আনহাতে, ঘটনা সন্দৰ্ভত মুখ খুলিছে ৰোহিত শইকীয়াৰ আত্মীয়ই। আত্মীয়ই জনোৱা মতে, শুকুৰবাৰে নিশা লখিমপুৰৰ পৰা যুৱতীগৰাকীয়ে গুৱাহাটীলে মাতি পঠিয়াইছিল ৰোহিতক। এখন স্কুটি কিনা সন্দৰ্ভত মাতি পঠিয়াইছিল যুৱকজনক। যুৱতীগৰাকীৰ সৈতে যুৱকজনৰ ৫ বছৰৰ সম্পৰ্ক আছিল। সেই সূত্ৰে শনিবাৰে পুৱা যুৱকজন উপস্থিত হয় যুৱতীগৰাকীৰ ৰুমত।কিন্তু শনিবাৰে নিশা সংঘটিত হয় ঘটনাটো। নিশা যুৱক-যুৱতীৰ মাজত সাধাৰণভাৱে কিছু মত বিৰোধ হয়। তাৰ পাছতেই যুৱকজনে নিশা অকলশৰে বাহিৰলৈ ওলাই যায়। বাহিৰৰ পৰা ১৫-২০ মিনিট মানৰ পাছত পুনৰ ৰুমলৈ ঘূৰি আহি যুৱতীগৰাকীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।
অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ পিছতহে গম পোৱা যাব প্ৰকৃত সত্য।