অসম চুক্তিৰ ৰেফাৰীৰ ৰূপত সদৌ অসম ছাত্ৰ সন্থা ৷ সদৌ অসম ছাত্ৰ সন্থা সমালোচনা কৰি এদিন পূৰ্বে মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ অসম চুক্তিক ফুটবলৰ দৰে খেলিছে কেন্দ্ৰ ৰাজ্যই ৷ এবাৰ কেন্দ্ৰৰ অমিত শ্বাহে এবাৰ ৰাজ্যৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এজনৰ পাছত আনজনে অসম চুক্তিক মাৰি পঠিয়াই ফুটবলৰ দৰে ৷ কেন্দ্ৰ ৰাজ্যৰ ফুটবল খেলত ৰেফাৰীৰ ৰূপত সদৌ অসম ছাত্ৰ সন্থা ৷ সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে অনা এই গুৰুতৰ অভিযোগৰ পাছতে ক্ষুন্ন হৈ উঠিছে ছাত্ৰ সংগঠনটো ৷
গুৰুত্বপূৰ্ণ বিষয়টোক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া অসম চুক্তি কাৰ্যকৰীকৰণক লৈ ভূপেন বৰাৰ প্ৰশ্ন কৰাৰ অধিকাৰ নাই ৷ বিপৰীতে এনে মন্তব্য দুৰ্ভাগ্যজনক তথা গৰিহণাৰ যোগ্য ৷ কিয়নো ২০১৪ চনৰ পূৰ্বে অসমত প্ৰৱেশ কৰা প্ৰতিজন বিদেশী লোকক অসমীয়া বুলি আদালতত শপত নামা দাখিল কৰিছে কংগ্ৰেছে ৷ এসময়ত শপত নামা দি এতিয়া কংগ্ৰেছে NRC ক লৈ চকুপানী টুকিছে ৷ কংগ্ৰেছৰ ভিত্তিহীন এনে যুক্তিক লৈ আছুৰ কটাক্ষ মহাত্মা গান্ধীক নাথুৰাম গডছে ঢুকাইছে বুলি কোৱা কথাৰ দৰে মন্তব্য কৰিছে ভূপেন বৰাই ৷ অৱশ্যে ৬ নং দফা কাৰ্যকৰীকৰণক লৈ কেন্দ্ৰৰ বিজেপিৰ ভূমিকাৰ সমালোচনাৰ উৰ্ধত নহয় ৷ দীৰ্ঘদিন পূৰ্বে প্ৰতিবেদন দাখিল কৰাৰ পাছতো আজিলৈ কাৰ্য্যকৰীকৰণ নহল ৬ নং দফা ৷ এয়া অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ চৰম প্ৰতাৰণা ৷ যিসময়ত কেন্দ্ৰই লোকসভা, ৰাজ্যসভাত দেশৰ সংবিধান সংশোধন কৰি ৬ নং দফা কাৰ্যকৰী কৰিব লাগিছিল ৷ তেনে সময়ত ৰহস্যজনকভাৱে ৰাজ্য চৰকাৰলৈ কাৰ্যকৰীকৰণৰ দোষ থেলিছে ৷ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ মাজত চলা থেলা-থেলিত ৬ নং দফা কেতিয়া কাৰ্যকৰী হয় সেয়া সময়ত লক্ষণীয় হ’ব ৷