পিংকি ৰায় হত্যাকাণ্ডঃ ৭২ ঘণ্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰৰ দাবী আকছাৰ


 

শিলচৰৰ হাইলাকান্দি ৰোডৰ মদনমোহন পাৰ্ক এলেকাৰ নিবাসী পিংকি ৰায় (১৮)ৰ দগ্ধ মৃতদেহটো মঙলবাৰে ধোৱাৰবন্দৰ এটা নিৰ্মীয়মান অট্টালিকাৰ পৰা উদ্ধাৰ কৰা হয় । হত্যাকাণ্ডৰ পিছত মৃতদেহটো জ্বলাই দিয়া হৈছিল যাতে কোনেও ছোৱালীজনীক চিনি নাপায় । ইফালে এই ভয়াবহ ঘটনাই সমগ্ৰ শিলচৰ চহৰত উত্তেজনা বিয়পাইছে ।

যুৱতীগৰাকীৰ মৃত্যুৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত সচেতন মহলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাক লৈও প্ৰশ্ন উত্থাপন হৈছে । এই ঘটনাৰ লগত জড়িত যুৱতীগৰাকীৰ প্ৰেমিকক সন্দেহৰ আওতালৈ অনাৰ খবৰ আহিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ।

কাছাৰ- কৰিমগঞ্জ-হাইলাকান্দি ছাত্ৰ সন্থাই ( আকছা) আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত এই ঘটনাৰ লগত জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাটো কেনেদৰে সংঘটিত হৈছিল সেই তথ্য পোহৰলৈ অনাৰ দাবী জনাইছে । ৭২ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে ।

শিলচৰত মহিলাৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আকছাৰ সদস্যসকলে । বুধবাৰে শিলচৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত আকছাৰ আহ্বায়ক মধুমিতা দেই কয়, ‘শিলচৰ চহৰত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছে ।

পিংকি ৰায়ৰ লগত যিটো হ’ল সেয়া অতি দুখজনক । এই চহৰৰ নাৰী এতিয়া নিৰাপদ নহয় । পথৰ বিভিন্ন অঞ্চলত চিচি টিভিৰ সৈতে ভইচ ৰেকৰ্ডাৰ আৰু ষ্ট্ৰীট লাইট স্থাপন কৰিবলৈ আমি দাবী জনাইছো । আমি এই হত্যাকাণ্ডৰ ন্যায় বিচাৰো । আমি দাবী জনাইছো যে কাছাৰ আৰক্ষী প্ৰশাসনে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰি অপৰাধীক গ্ৰেপ্তাৰ কৰক ।

এনকাউন্টাৰ কৰক । তেনে অপৰাধীক এনকাউন্টাৰ কৰিলেই যুৱতীগৰাকীয়ে ন্যায় পাব । লগতে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো । জয়শ্ৰী নাথে কয়, ‘বেটি বচাও বেটি পঢ়াও শ্লোগান দিয়া হৈছে কিন্তু বাস্তৱত ইয়াৰ বিপৰীতহে হৈছে । আমি বিচাৰো দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক । লাগিলে সেই অপৰাধীৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলাওক ৷’ সংগঠনটোৰ আন এগৰাকী সদস্য আফছানা চৌদিয়ালেও একে দাবী উত্থাপন কৰে ।

আকছাৰ উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থই কয় নিখোজ সংক্ৰান্তত গোচৰ ৰুজু কৰাৰ পিছতো ৰাংগিৰখাৰি আৰক্ষীয়ে পিংকি ৰায়ক উদ্ধাৰ কৰাত ব্যৰ্থ হয় । তেওঁলোকে সক্ৰিয়ভাৱে কাম কৰা হ’লে আজি যুৱতীগৰাকীক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা গ’লহেঁতেন । তেওঁলোকৰ ব্যৰ্থতা পোহৰলৈ আহিছে ৷ সেই কাৰণে ৰাংগিৰখাৰি পুলিচ ইনচাৰ্জক অপসাৰিত কৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হওক ।

আৰক্ষীয়ে বাৰ্মিজ চুপাৰি ধৰিব পাৰে যদিও মহিলাক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । লগতে তেওঁ কয় যে আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত তদন্ত কৰি সঠিক কাৰণ আৰু কিয় এই যুৱতীগৰাকীৰ লগত এনে ঘটনা সংঘটিত হৈছে সেই কথা উদঙাই দিব লাগিব । যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ গোচৰ ৰুজু কৰাৰ পিছত শিলচৰৰ বিধায়ক দ্বীপায়ণ চক্ৰৱৰ্তীৰ কাষ চাপিছিল পৰিয়ালৰ সদস্যসকল ৷কিন্তু কোনো সহাৰি নাপালে ।বিধায়কগৰাকী অলপ সক্ৰিয় হ’লে আৰক্ষীক হেঁচা প্ৰয়োগ কৰি নিৰুদ্দেশ হোৱা ঘটনাৰ তদন্ত কৰিব পাৰিলেহেঁতেন । কিন্তু সেই পৰিয়ালটোক কোনো ধৰণে সহায় নকৰিলে বিধায়কজনে, সহায় নকৰিলে আৰক্ষী প্ৰশাসনে ।

Post a Comment

Previous Post Next Post