গুৱাহাটীত এইবাৰ জলবোৰ্ডৰ পানীৰ সংযোগক লৈ উত্তেজনা



 খোৱাপানীৰ নাটনি গুৱাহাটীত নতুন কথা নহয় । গুৱাহাটী মহানগৰীত এইবাৰ জলবোৰ্ডৰ পানীৰ সংযোগক লৈ সৃষ্টি হৈছে চেপা উত্তেজনা । গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত ভজনকা কমপ্লেক্সত সংঘটিত হৈছে এই ঘটনা ।

জলবোৰ্ডৰ পানীৰ সংযোগ কৰিবলৈ নিদিয়াৰ অভিযোগ এপাৰ্টমেণ্টৰ বাসিন্দাৰ । প্ৰায় ৩ টাকৈ আৱাসী অট্টালিকা আৰু আমন উদ্যোগ নামৰ আন এটা অট্টালিকাও থকা এই বিশাল পৰিসৰৰ ভূমিত এতিয়া সৃষ্টি হৈছে অসুবিধাৰ ।

ৰাজ্য চৰকাৰে মহানগৰীবাসীক জল জীৱন মিছনৰ জড়িয়তে যদিওবা খোৱাপানী যোগান ধৰিছে তাৰ মাজতে খ্ৰীষ্টানবস্তিৰ এই আৱাসিক এলেকাত সূত্ৰপাত হৈছে কাজিয়াৰ । কিন্তু কিয় ? উল্লেখযোগ্য যে, আবাসিক এলেকাটোত থকা ৰংগোলী এপাৰ্টমেণ্টলৈপানীৰ পাইপ সংযোগ কৰাক লৈ অসুবিধাত পৰিছে সকলো ।

ৰংগোলী এপাৰ্টমেণ্টত থকা ২০ টাকৈ পৰিয়ালৰ জীৱন-নিৰ্বাহত সৃষ্টি হৈছে যথেষ্ট অসুবিধাৰ । আবাসীৰ অভিযোগ- বৰুণ ভজনকা, বিশাল ভজনকা আৰু নিৰ্মল ভজনকাই জলবোৰ্ডৰ পানী সংযোগত বাধা প্ৰদান কৰিছে ।

আবাসীসকলৰ মতে, জি এচ ৰ’ডৰ পৰা জলবোৰ্ডৰ পানীৰ পাইপ কোনোপধ্যেই সংযোগ কৰিবলৈ নিদিয়ে বৰুণ, বিশাল আৰু নিৰ্মল আৰু মনোজ ভজনকাই । যাৰ বাবে আজি সংবাদ মাধ্যমৰ সহায় লয় আৱাসীসকলে ।

অন্যহাতে দুবাৰকৈ জলবোৰ্ডৰ লোকক উভতাই পঠিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে আবাসীসকলে । কিন্তু সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত ভজনকা পৰিয়ালে এই কথা অস্বীকাৰ কৰে । যাৰ বাবে সূত্ৰপাত হয় চেপা উত্তেজনাৰ ।

Post a Comment

Previous Post Next Post