কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা গ’ল এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ। আজি কলিয়াবৰৰ আমগুৰিত দিন দুপৰতে হঠাৎ এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে জাঁপ মাৰি ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত ঘাঁহ খাই থকা গৰু পোৱালি চিকাৰ কৰে।
তাৰপিছত পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাবিলৈ সোমাই যায় বাঘটো। এখন বাহনত অহা এজন যাত্ৰীয়ে মোবাইলৰ কেমেৰাত আবদ্ধ কৰিলে স্থিৰ চিত্ৰখন।