এটা ভিডিঅ’ক লৈ পুনৰ উত্তপ্ত মণিপুৰ (Manipur Viral Video)। দুগৰাকী মহিলাক উলংগ কৰি অমানুষিক নিৰ্যাতন চলোৱাৰ ভিডিঅ’ ভাইৰেল হৈছে। মহিলা দুগৰাকীক উলংগ কৰি ৰাজপথত সমদল কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে (Manipur News)। এই ভিডিঅ’ ভাইৰেল (Manipur Video) হৈ পৰাৰ পিছত এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (N Biren Singh)।
ইতিমধ্যে এই কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। থৌবাল জিলাৰ পৰা অভিযুক্ত খৈৰাম হীৰাদাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Accuse of Manipur Viral Video Case Arrested)। মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে জনাইছে এই তথ্য। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ১২টা তদন্তকাৰী দল গঠন কৰা হৈছে।
ইফালে আজি মণিপুৰ ঘটনাক লৈ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ পৰা উত্তৰ দাবী কৰে বিৰোধী পক্ষই। কংগ্ৰেছ সাংসদ ৰঞ্জিত ৰঞ্জনৰ মন্তব্য, ‘‘মন কী বাত বহুত হ’ল, এতিয়া কৰক মণিপুৰ কী বাত’।’ ইতিমধ্যে ঘটনাক লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক ফোন কৰি ঘটনাৰ বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah)।
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ঘটনাক লৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া (Narendra Modi on Manipur Viral Video Case)। মোদীয়ে কয়, ‘‘এই ঘটনাত ১৪০ কোটি দেশবাসী লজ্জানত হৈছে। দোষীক ৰেহাই দিয়া নহ’ব। কঠোৰতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মণিপুৰৰ জীয়ৰীসকলৰ সৈতে হোৱা অপৰাধ ক্ষমা কৰা নহ’ব। এয়া সভ্য সমাজক লজ্জানত কৰা ঘটনা। মণিপুৰৰ ভাইৰেল কাণ্ডত গোটেই দেশ লজ্জিত হৈছে।’’আনহাতে, মণিপুৰৰ ভাইৰেল ভিডিঅ’ক লৈ তৎপৰ উচ্চতম ন্যায়ালয়ো (Supreme Court)। উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ বুজ লৈছে সমগ্ৰ ঘটনাৰ। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দিছে নিৰ্দেশ। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ‘‘আমি চৰকাৰক কিছু সময় দিছো। অন্যথা হস্তক্ষেপ কৰিবলৈ আমি বাধ্য হ’ম।’’
সমগ্ৰ ঘটনাক লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে টুইট কৰি কয়, ‘‘এই ঘটনা দুৰ্ভাগ্যজন। চৰকাৰে নিজাববীয়াকৈ গোচৰ লৈ তদন্ত কৰিছে। বুধবাৰে ভিডিঅ’টো পোহৰলৈ আহিছিল। মণিপুৰ আৰক্ষীয়ে আজি পুৱাই এজনক গ্ৰেপ্তাৰ কৰিছে। দোষীৰ বিৰুদ্ধে কঠোৰতম শাস্তি নিশ্চিত কৰা হ’ব। প্ৰয়োজনত মৃত্যুদণ্ডৰ বিবেচনা কৰা হ’ব। সমাজত এনে বৰ্বৰ কাণ্ডৰ স্থান নাই।’