মণিপুৰত পুনৰ উত্তপ্ত পৰিস্থিতি (Manipur Viral Video)। দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি নিৰ্যাতন চলোৱাক কেন্দ্ৰ কৰি উত্তপ্ত মণিপুৰৰ শেহতীয়া পৰিস্থিতি। দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত সমদল কৰাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য (Manipur News)। উল্লেখযোগ্য যে, মণিপুৰৰ একাংশ সংগঠনে এই ঘটনা (Manipur Video) ৪ মে’ৰ বুলি উল্লেখ কৰিছে যদিও এতিয়াও জানিব পৰা হোৱা নাই ঘটনাৰ সবিশেষ। সি যিয়েই নহওক এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতেই দেশৰ ৰাজনৈতিক মহলতো আৰম্ভ হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ।
ঘটনাক দুখজনক আখ্যা দি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (N Biren Singh)। ইফালে, এই ভিডিঅ’ প্ৰত্যক্ষ কৰাৰ পাছতেই কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে (Smriti Irani) এই ঘটনা অমানৱীয় আখ্যা দিছে। বিষয়টো সন্দৰ্ভত মণিপুৰৰ মুখ্যমন্ত্ৰীৰেও বাৰ্তালাপ মন্ত্ৰীগৰাকীৰ। অৱশ্যে এই ঘটনাৰ তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰিছে মণিপুৰৰ শীৰ্ষ আৰক্ষী বিষয়াই।
এই ভিডিঅ’ প্ৰকাশৰ পাছতেই সৰৱ হৈ পৰিছে তৃণমূল কংগ্ৰেছ (TMC)। বিষয়টো সংসদত উত্থাপন কৰিব বুলিও উল্লেখ কৰিছে দলটোৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে।
ইফালে, মণিপুৰৰ শেহতীয়া এই পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi)। প্ৰধানমন্ত্ৰীৰ মৌনতা আৰু নিষ্ক্ৰিয়তাই মণিপুৰক অৰাজকতাৰ দিশে ঠেলি দিয়াৰো অভিযোগ ৰাহুল গান্ধীৰ। মণিপুৰৰ ঘটনাৰ পাছতেই বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi Vadra)। মহিলাৰ ওপৰত হোৱা হিংসাৰ এই ছবি হৃদয়বিদাৰক আখ্যা প্ৰিয়ংকা গান্ধীৰ। সকলোৱে সমস্বৰে হিংসাক গৰিহণা দিয়া উচিত।