আহমেদাবাদত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী জাগুৱাৰৰ খুন্দাত ৯ জনৰ মৃত্যু। বৃহস্পতিবাৰৰ পুৱতি নিশা আহমেদাবাদৰ ছাৰখেজ- গান্ধীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ওপৰা ওপৰিকৈ সংঘটিত হ’ল দুটা পথ দুৰ্ঘটনা।
প্ৰথমতে প্ৰচণ্ড বেগেৰে অহা এখন থাৰে খুন্দা মাৰিলে ট্ৰাকত। দুৰ্ঘটনাৰ ভয়ংকৰ শব্দ শুনি ইস্কন মন্দিৰৰ কাষতে থকা কেইবাটাও গেষ্ট হাউচৰ পৰা ওলাই আহিল আবাসী। খন্তেক পাছতে হোমগাৰ্ডক লৈ ঘটনাস্থলীত উপস্থিত হ’ল যান–বাহন শাখাৰ এজন কনিষ্টবল। ঘটনাৰ বুজ লৈ থাকোতেই তীব্ৰ বেগেৰে অহা এখন জাগুৱাৰে মহতিয়াই নিলে আৰক্ষীৰ লগতে বহু লোকক।
ঘণ্টাত ১৬০ কিলোমিটাৰ বেগেৰে অহা জাগুৱাৰৰ খুন্দাত ঘটনাস্থলীতে কনিষ্টবল আৰু হোমগাৰ্ডৰ জোৱানৰ লগতে মৃত্যু হ’ল আন ৩ জন লোকৰ। বিপৰীতে চিকিৎসালত মৃত্যুৰ ওচৰত হাৰ মাৰিলে ৪ জনে। আনহাতে গুৰুতৰভাৱে আহত ১১ জন লোকে মৃত্যুৰে যুঁজি আছে আহমেদাবাদৰ বিভিন্ন চিকিৎসালয়ত।
ভয়ংকৰ দুৰ্ঘটনাটোত আহত হৈছে তীব্ৰ বেগী জাগুৱাৰৰ চালক। আহমেদাবাদৰে চোলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তথ্য পেটেল নামৰ চালকজন। চিকিৎসকে তথ্যক সুস্থ বুলি ঘোষণা কৰিলেই গ্ৰেপ্তাৰ কৰি জেৰা চলাবলৈ সাজু হৈ আছে আহমেদাবাদ আৰক্ষী।
আহমেদাবাদৰ ইছকন মন্দিৰৰ কাষত সংঘটিত এই ঘটনাই জোকাৰি গৈছে গুজৰাটক। ঘটনাত নিহত সকলৰ প্ৰতিজনৰে পৰিয়ালক ৪লাখ আৰু আহত সকলক ৫০হাজাৰকৈ এককালীন সাহাৰ্য দিয়াৰ কথা ঘোষনা মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ।