সততাৰ নিৰ্দশন দেখুৱালে বৰহোলা শান্তিপুৰ গাঁৱৰ নিৱাসী ময়ূৰী গোহাঁই দাসে


 

যি সময়ত ১০০০ বা ২০০০ টকাৰ বাবে সিজনে সিজনক বিশ্বাসঘাতকতা কৰিছে, একাংশ কৰ্মচাৰীয়ে দুৰ্নীতি কৰি ধৰা পৰিছে, ঠিক সেই সময়তে সততাৰ নিদৰ্শন দেখুৱালে এগৰাকী মহিলাই। বৰহোলা শান্তিপুৰ গাঁৱৰ নিৱাসী ময়ূৰী গোহাঁই দাস নামৰ এইগৰাকী মহিলাই কৰা এক সৎ কামৰ বাবে প্ৰশংসিত হৈছে।

লোভ–লালসাত বন্দী এই সমাজত যে এতিয়াও বহুত ভাল মানুহ আছে তাৰে নিদৰ্শন দাঙি ধৰিলে বৰহোলা শান্তিৰপুৰ গাঁৱৰ নিৱাসী ময়ূৰী গোঁহাই দাসে৷ ঘটনাৰ বিৱৰণ অনুসৰি, আজি পুৱা বৰহোলা তিনিআলিস্থিত এটা এটিএমত টকা উলিয়াবলৈ সোমাওঁতে এটিএমত তেওঁ নিজৰ টকাৰ পৰিমাণৰ বুটাম টিপিবলৈ লওঁতে ৯ হাজাৰ টকা ওলাই আহে।

কাৰিকৰী কাৰণত কোনো গ্ৰাহকৰ টকাতো এটিএমত থাকি যোৱাত মহিলাগৰাকীয়ে ততাতৈয়াকৈ ভাৰতীয় ষ্টেট বেংক, বৰহোলা শাখাত উপস্থিত হয় আৰু শাখা পৰিচালকগৰাকীৰ হাতত ধনৰাশি প্ৰদান কৰে৷ মহিলাগৰাকীৰ এনে মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে।

Post a Comment

Previous Post Next Post