কলিয়াবৰৰ শালনা বন বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান। অভিযানৰ সময়ত দুৰ্নীতি নিবাৰকৰ জালত পৰিল এগৰাকী উচ্চপদস্থ বন বিষয়া। তেওঁ নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডল।
৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে–লোটে কৰায়ত্ত কৰা হয় মণ্ডলক। তেওঁক লগে লগে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই। উল্লেখ্য, শালনা বনাঞ্চলিক বিষয়াৰ দায়িত্বতো আছিল মণ্ডল।
দীৰ্ঘদিনে শালনাত কাৰ্যনিৰ্বাহ কৰি আছিল মণ্ডলে। তেওঁৰ বিৰুদ্ধে এনে বহু অভিযোগ উত্থাপন হৈ থকাৰ পিছত আজি দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে।
