যোৰহাট নগৰত মুখ্যমন্ত্ৰী থকা অৱস্থাত দ্বিতীয়বাৰলৈ সংঘটিত চুৰিকাণ্ড


 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত নৈশ যাপন কৰিলেই যেন চোৰে চেলেঞ্জ দিয়ে যোৰহাট আৰক্ষীক। তেওঁ যোৰহাটত থকা সময়তে যোৰহাট নগৰৰ এখন ব্যৱসায় প্ৰতিষ্ঠানত পুনৰ চুৰিকাণ্ড সংঘটিত হ’ল।

ইয়াৰ পূৰ্বেও যোৰহাটত অনুষ্ঠিত কেবিনেট বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী নিশা যোৰহাটত থকা সময়তে নগৰৰ মাজমজিয়াৰ এখন দোকানত লুটপাত চলাইছিল চোৰৰ দলে।

সোমবাৰে নিশা যোৰহাট নগৰৰ তৰাজান স্থিত বি বি চাপ্লায়াৰ নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ খিৰিকীৰ গ্ৰীল ভাঙি দোকানৰ ভিতৰত প্ৰৱেশ কৰে চোৰ।চোৰে ব্যৱসায় প্ৰতিষ্ঠানখনৰ পৰা এটা লেপটপ লৈ যায়। চোৰে ড্ৰয়াৰসমূহ ভাঙি দোকানৰ ভিতৰচৰা লণ্ডভণ্ড কৰে যদিও সৌভাগ্যক্ৰমে দোকানৰ ভিতৰত থোৱা হোৱা নাছিল নগদ ধন।

যোৰহাট নগৰ অঞ্চলত বৃদ্ধি পোৱা সঘন চুৰিকাণ্ডই অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক।

Post a Comment

Previous Post Next Post