পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ, ২২ খন জিলাৰ ৩৩৯ টা কেন্দ্ৰত পুৱাৰে পৰা ভোটগণনা


 

পশ্চিম বংগৰ ২২ খন জিলাৰ ৬১,৫৩৯ টা বুথত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ আজি ভোটগণনা আৰম্ভ হৈছে। মঙলবাৰে এই নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব আৰু পৰৱৰ্তী পাঁচ বছৰৰ বাবে বংগৰ গাঁৱসমূহৰ দায়িত্বত কোন থাকিব সেই বিষয়ে জানিব পৰা যাব।

মঙলবাৰে বংগৰ ২২ খন জিলাৰ ৩৩৯ টা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ কৰা হৈছে। মন কৰিবলগীয়া যে, পোন প্ৰথমে গ্ৰাম পঞ্চায়ত, তাৰ পিছত পঞ্চায়ত সমিতি আৰু শেষত জিলা পৰিষদৰ আসন গণনা কৰা হ’ব।ৰাজ্যখনৰ প্ৰতিটো ভোট গণনা কেন্দ্ৰত নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় বাহিনীৰ এটা কোম্পানী মোতায়েন কৰা হৈছে। এই কোম্পানীৰ কেন্দ্ৰীয় বাহিনীত ৮২ জন সক্ৰিয় সদস্য আছে। ৰাজ্যিক আৰক্ষীও তেওঁলোকৰ সৈতে আছে। লগতে গণনা কেন্দ্ৰসমূহত চিচিটিভি স্থাপন কৰা হৈছে।

ৰাজ্যখনৰ মুঠ পঞ্চায়ত আসন ৬৩,২২৯ খন আছে। ইয়াৰে, পঞ্চায়ত সমিতিৰ আসন ৯,৭৩০খন আছে। ইফালে জিলা পৰিষদৰ আসন ৯২৮ খন আছে, ইয়াৰে কেৱল ৯১২ খন আসনৰ ভোট গণনা কৰা হ’ব। কিয়নো, তৃণমূলে বিনা প্ৰতিদ্বন্দিতাৰে জিলা পৰিষদৰ ১৬ খন আসন জয় কৰিছে।

উল্লেখ্য যে, ৬৩,২২৯ খন গ্ৰাম পঞ্চায়ত আসনৰ ভিতৰত ৮,০০২খন আসন বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। ইয়াৰ ভিতৰত তৃণমূলে ৭,৯৪৪ খন আসন, CPI(M)এ তিনিখন আসন, বিজেপিয়ে দুখন আসন আৰু আন প্ৰাৰ্থীসকলে ৫৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি ৯,৭৩০ খন পঞ্চায়ত সমিতি আসনৰ ভিতৰত ৯৯১ খন আসন বিভিন্ন দলৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে। ইয়াৰ ভিতৰত তৃণমূলে ৯৮১ খন আসন আৰু অন্যান্যসকলে ১০ খন আসন লাভ কৰে।উল্লেখনীয় যে, এই বছৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ পিছত ৰাজ্যখনৰ বহু ঠাইত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। মনোনয়ন পৰ্যায়ৰ পিছৰ পৰা পঞ্চায়ত নিৰ্বাচনত ৪১ জন লোক হিংসাত্মক ঘটনাৰ বলি হৈছিল। ভোটদানৰ দিনা সংঘটিত হোৱা সংঘৰ্ষত ১৮ জন লোকে প্ৰাণ হেৰুৱাইছিল।

Post a Comment

Previous Post Next Post