আৰম্ভ হ'ল ব'ল ব'ম : ঐতিহাসিক শিৱদৌলত ভক্তৰ লানি নিচিগা সোঁত


 

অসমীয়া শাওন মাহলৈ এসপ্তাহ বাকী যদিও উত্তৰ ভাৰতৰ সময়সূচী অনুসৰি সোমাল শাওন মাহ। আৰম্ভ হ’ল সোমবাৰৰ পৰা ব’ল ব’ম। ফলত শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিচিগা সোঁত। নিজৰ মনোবাঞ্চা কামনা কৰি সোমবাৰৰ পুৱাৰে পৰা শিৱদ’লত চাকি বন্তি প্ৰজ্বলন কৰি, নৈবদ্য আগবঢ়াই মহাদেৱৰ আশিস বিচাৰিছে আগণন ভক্তই। উল্লেখ্য যে বিগত ১৯ বছৰৰ পিছত এইবৰ্ষত ৫৯ দিনীয়া শাওন মাহৰ লগ্ন হৈছে।

যাৰ বাবে এইবাৰ শাওন মাহত ৮টা সোমবাৰত মহাদেৱৰ পূজা কৰিব ভক্ত সকলে। ব’ল ব’ম আৰম্ভ হোৱাৰ লগে লগে কালিৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহিছে ঐতিহাসিক শিৱদৌললৈ। লক্ষ্যণীয় যে দুই তিনিবছৰমান ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে শিৱদৌললৈ ভক্তৰ আগমন কিছু হ্ৰাস হৈছিল যদিও এতিয়া তেনে পৰিৱেশ নাই। ফলত ভক্তৰ লানি নিচিগা সোঁত বৈছে ১৭ শ শতিকাত স্থাপন কৰা শিৱদৌললৈ।

অৱশ্যে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌললৈ অহা ব’ল ব’ম যাত্ৰী তথা ভক্ত সকলে এইবাৰ মানি চলিব লাগিব কেতবোৰ নীতি নিৰ্দেশনা। কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ আৰু দৌল উন্নয়ন পৰিষদে বান্ধি দিছে কেতবোৰ নীতি নিৰ্দেশনা। শিৱদৌলৰ কুণ্ডত মৌজোল, মিঠাই, নাৰিকলৰ পানী ঢলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি শিৱদৌলৰ চৌহদত উচ্চ প্ৰাবল্যৰ শব্দ যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব ৷ নোৱাৰিব কোনো নিচাযুক্ত দ্ৰব্য সেৱন কৰিব.ইয়াৰ উপৰিও শিৱদৌলৰ চৌহদত নিশা থকাৰ ওপৰতো বাধা আৰোপ কৰিছে। প্ৰণিধানযোগ্য যে আহোম ৰাজত্বকালত স্থাপন কৰা শিৱদৌল কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অধীনত আছে। শিৱদৌলৰ সঠিক সংৰক্ষণ তথা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত নীতি নিৰ্দেশনা দি আহিছে। কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ সৈতে হোৱা আলোচনা মৰ্মেই শিৱদৌল উন্নয়ন পৰিষদে কেতবোৰ নীতি নিৰ্দেশনা দিয়া বুলি জনাইছে। নীতি নিৰ্দেশনাৰ মাজত ভক্তগণে মনোবাঞ্ছা পূৰণৰ অৰ্থে মহাদেৱ শিৱৰ আশীষ বিচাৰি কৰিছে পূজা অৰ্চনা।

Post a Comment

Previous Post Next Post