লখিমপুৰত বৰ্তমানলৈকে বানত আক্ৰান্ত হৈছে ৭৯খন গাঁৱৰ ৬০২০৮ জন লোক ৷ ইয়াৰ ভিতৰত শিশুৰ সংখ্যা ৭৩৩৬ জন ৷ বছৰটোৰ বাৰিষাৰ আৰম্ভণিৰে পৰা লখিমপুৰ জিলাৰ বিহপুৰীয়া, নাৰায়ণপুৰ, নাওবৈচা, সোৱনশিৰি আৰু কদম ৰাজহচক্ৰৰ বহু গাঁও পৰিছে বানৰ কৱলত ৷ FRIMS Assam(Flood Reporting And Information Management System)ৰ পৰা লাভ কৰা তথ্য অনুসৰি বান-গৰাখহনীয়াত আটাইতকৈ ক্ষতি হৈছে নাওবৈচা ৰাজহচক্ৰ ৷
মুঠ ২২খন ৰাজহ গাঁৱৰ ৩৭৬৯৮ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ ভিতৰত শিশু আছে ৩১৩১জন ৷ FRIMS ৰ তথ্য অনুসৰি নাওবৈচাৰ সোনাপুৰ, ৰানাবাৰী, হাৰিবৰদলনি, চেঙেলীজান, ৰৌদং,বৰপথাৰ, গোসাঁনীবাৰী, ২নং বৰছলা, ৰঙাপথাৰ, বৰগঞাঁ গেন্ধালী, ২নংগেলাহাতী, বামুনগঞাঁ, গড়চিগা, বালিটিকা. মাঘুলী, ১নং গেলাহাতী, আহোমনী, বালিজান, হৰিপুৰ,পানধোৱা, বিষ্ণুপুৰ,বলমা,আৰু ফুকনদলনী বানৰ কৱলত পৰিছে ৷ ইয়াৰ পিছতে বানত ক্ষতিগ্ৰস্ত হৈছে বিহপুৰীয়া ৰাজহচক্ৰৰ ২০খন গাঁৱৰ ২২৫১০ জন লোক ৷
ইয়াৰ ভিতৰত শিশু আছে ৪২০৫জন ৷ বিহপুৰীয়া ৰাজহ চক্ৰৰ অধীনত আছে ধৰ্মপুৰ,আহমেদপুৰ, আধাখনা,কুটুৱপুৰ, ফটেহপুৰ, ২নং আধাখনা, বেঙানাআটী গ্ৰান্ট, ভলুকাগুৰী,ধুনাগুৰী, খনিকৰ,কানিয়াজান,২নং কানিয়াজান,১নং চেনীমৰা,কংকুৰ,চেনীমৰা কংকুৰ,বাহগড়া পথাৰ,বাহগড়া দেউৰী,পুৰনি বাহগড়া, দৌলতপুৰ, ইছলামপুৰ, আৰু ৪নং ধৰ্মপুৰ ৷অন্যহাতে সোৱনশিৰি ৰাজহচক্ৰৰ অধিনস্থ ১৭খন গাঁৱৰ ৫১০.৫০ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে কুমটিয়া আৰু জিয়াঢল নদীৰ বানত ৷সোৱনশিৰি চক্ৰৰ অনুৱাটী, আৰ্য্য,বাংক্লেং, বিলমুখ,দক্ষিণ গাঁও, হাতীগড়,কঠালগুৰি, মিৰি,মাজিগাঁও,মহবল,এন চি লেজুৱা,১নং মেডেক,২নং দক্ষিণ,২নং মেডেক,টেঙাজান,আখৈফুটিয়া,মাহতলি আৰু চকুলী গাঁও পৰিছে বানৰ কৱলত ৷ নাৰায়ণপুৰ ৰাজহচক্ৰৰ ৮খন গাঁৱৰ ৯.০০হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিছে ৷ নাৰায়ণপুৰৰ ২নং বৰপথাৰ,৩নং বৰপথাৰ,১নং হাৰমতি,২নং হাৰমতি,চৰাইদলনী,সাউকুচি,জৰাবাৰী আৰু দঙিয়া পৰিছে দ্ৰোপাং,দিহিৰী,পিচলা নদীৰ বানত ৷উল্লেখযোগ্য যে জিলাখনত আটাইকেইটা ৰাজহচক্ৰৰ মুঠ ৫৪৫.৫০হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিছে ৷ বিহপুৰীয়াত -২৬.০০হেক্টৰ,নাৰায়ণপুৰত-৯.০০ হেক্টৰ,আৰু সোৱনশিৰিত সৰ্বাধিক ৫১০.৫০ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰোপৰি বিহপুৰীয়া, নাৰায়ণপুৰ, সোৱনশিৰি, নাওবৈচা, কদম আৰু ঢকুৱাখনা চক্ৰৰ আন্ত:গাঠনিৰ ব্যাপক ক্ষতিগ্ৰস্ত হৈছে এই বছৰৰ বান আৰু গৰাখহনীয়াত ৷জিলাখনৰ সোৱনশিৰি নদীৰ দাতিকাষৰীয়া অঞ্চলত এতিয়াও গৰাখহনীয়া অব্যাহত আছে ৷
