উপায়হীন! গোহালিৰ গৰু বিক্ৰী কৰি ঋণ শুজিব বিহু সমিতিৰ সম্পাদকে



 অৱশেষত বিহুৰ ধাৰ মাৰিবলৈ এগৰাকী বিহু সমিতিৰ সম্পাদকে সিদ্ধান্ত ল’লে নিজৰে পোহনীয়া গৰু বিক্ৰীৰ। হয়, দৰং জিলাৰ ১৩০খন বিহু কমিটিয়ে চৰকাৰী ধনৰ অনুমোদন লাভ কৰিছিল। সময়ত ধন নাপালেও বিহুৰ পিছতে পোৱাৰ আশাত কমিটিসমূহে ধাৰত লৈ হ’লেও অনুষ্ঠিত কৰিলে বিহু।

কিন্তু ব’হাগ, জেঠ গৈ আহাৰ মাহ পোৱাৰ পিছতো ১৩০খন বিহু কমিটিৰ ভিতৰত ১১২খন বিহু কমিটিয়ে আজিলৈ লাভ নকৰিলে চৰকাৰে ধার্য কৰা ১.৫ লাখ টকা। কমিটিয়ে আজিলৈ চৰকাৰ ঘোষিত ১.৫ লাখ টকাকৈ নোপোৱাত বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকল বিপাঙত পৰিছে।


মাইক, লাইট, পেণ্ডেল, গেলামাল দোকানী আদিয়ে ধন বিচাৰি সমিতিৰ বিষয়ববীয়াসকলৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলৈ বাধ্য হৈছে। কিছুমানে সমিতিৰ বিষয়ববীয়াক গুৱালগালিও দিছে যদিও বিহু উদযাপন সমিতিৰ বিষয়ববীয়াই সেই গালি–গঞ্জনা মূৰ পাতি লৈ কেইদিনমান ৰ’বলৈ কাকূতি-মিনতি কৰিবলগীয়াত পৰিছে।

ইফালে মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰথেকেৰাবাৰীৰ নৱজ্যোতি সংঘৰ উদ্যোগত যোৱা ৩০ চ’ত, ১, ৭ আৰু ৮ ব’হাগত অনুষ্ঠিত ৫৪ সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক প্ৰভাত শইকীয়াই আজি ক্ষোভেৰে কয়- ‘‘বিহু পাতিবলৈ চৰকাৰে ডেৰ লাখ টকাকৈ দিব বুলি কোৱাৰ লগতে দান–বৰঙণি সংগ্ৰহত বাধা আৰোপ কৰাত আমি ৰাইজৰ পৰা দান–বৰঙণি নলৈ বিহু উদযাপন কৰাৰ পিছত এতিয়া উপায়হীন হৈছোঁ। সেয়ে গোহালিৰ পোহনীয়া গৰু বিক্ৰী কৰি ধাৰ মাৰিবলৈ সিদ্ধান্ত লৈছোঁ।’’ প্ৰশাসনৰ হেমাহি আৰু চৰকাৰৰ বঞ্চনাৰ বাবেই এতিয়া এনেদৰে হাহাকাৰ কৰিবলগীয়া হৈছে দৰঙৰ বিহু কমিটিসমূহে।

Post a Comment

Previous Post Next Post