লখিমপুৰ-শোণিতপুৰত কোনখন বাইক কাৰ পচন্দৰ ?


 

 আধুনিকতাৰ লগতে ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ লগত নিজকে ৰজিতা খুৱাবলৈ এতিয়া একোখন মটৰ চাইকেলৰ খুবেই প্ৰয়োজন ৷ মটৰ চাইকেলখনৰ প্ৰয়োজনবোধ হোৱাৰ লগে লগে আহে বাজেটৰ কথা ৷ মধ্যবিত্ত শ্ৰেণীৰ বাবে কম খৰচত আৰামদায়ক অথবা চোৱা-চিতাৰ বাবে বেছি টকা খৰচ নোহোৱা একোখন মটৰ চাইকেল সদায় পচন্দৰ ৷ আনহাতে ধনী শ্ৰেণীয়ে পচন্দ কৰে একোখন বিলাসী মটৰ চাইকেল ৷

সকলো শ্ৰেণীৰ লোকৰ সপোনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মটৰ চাইকেল নিৰ্মাণকাৰী কোম্পানীসমূহে বিভিন্ন দামৰ মটৰ চাইকেল নিৰ্মাণ কৰি আহিছে ৷ সেই অনুসৰিয়েই গ্ৰাহকসকলে নিৰ্বাচন কৰে মটৰ চাইকেল ৷বহু কাৰণত অঞ্চলভিত্তিত কোনো এটা কোম্পানীৰ বিশেষ মডেলৰ মটৰ চাইকেলৰ সমাদৰ দেখা যায় ৷ এই ক্ষেত্ৰত Local-18য়ে কথা পাতিছিল মটৰ চাইকেলৰ কেইবাটাও ডিলাৰৰ সৈতে ৷


৬ টা গীয়েৰযুক্ত মটৰ চাইকেখনত কুলেনৰ ব্যৱস্থাও আছে ৷ আনহাতে ৩৫০ চিচি সম্পন্ন Yezdi Roadster মটৰ চাইকেলখনো ৬ টা গীয়েৰযুক্ত ৷ দুয়োখন মইৰ চাইকেলেই ডুৱেল ABSযুক্ত ৷ উল্লেখ্যে, Yezdi Roadster-350 মটৰ চাইকেলখন অন ৰোড প্ৰাইচ্ তেজপুৰত দুই লাখ ত্ৰিশ হাজাৰ আৰু Jawa-42 মটৰ চাইকেলখনৰ অন্ ৰোড প্ৰাইচ দুই লাখ পশিচ হাজাৰ ৷ আনহাতে মধ্যবিত্ত শ্ৰেণীৰ গ্ৰাহকসকলে শেহতীয়াকৈ নিৰ্বাচন কৰিছে বাজাজ-১২৫ৰ নতুন এডিশ্যনৰ মটৰ চাইকেলখন ৷ য’ত E-20 সংযোগ কৰা হৈছে ৷১২৪.৪ চিচি ইঞ্জিনসম্পন্ন মটৰ চাইকেলখনেও আকৰ্ষণ কৰিছে গ্ৰাহকক ৷ স্পৰ্টচ বাইক হিচাবে জনপ্ৰিয় Pulsarৰ বাইকসমূহ পূৰ্বে ব্যয়বহুল আছিল যদিও দামবৃদ্ধিৰ পাচতো প্ৰায় ১ লাখ ৯ হাজাৰৰ পৰা উপলব্ধ বাহনখনে আকৰ্ষণ কৰিছে গ্ৰাহকক ৷ উল্লেখ্য যে, Pulsar-125 এ ৫৫ কিঃমিঃ পৰ্যন্ত মাইলেজ দিবলৈ সক্ষম হয় ৷উক্ত সমীক্ষাত দেখা গ’ল যে লখিমপুৰত যদি মধ্যবিত্ত শ্ৰেণীৰ গ্ৰাহকে বাজাজ কোম্পানীৰ পালছাৰ-১২৫ অধিক নিৰ্বাচন কৰে, মধ্য অসমৰ তেজপুৰত Jawa কোম্পানীৰ Jawa-42 আৰু Yezdi- Roadster মটৰ চাইকেল দুখন ধনীশ্ৰেণীৰ গ্ৰাহকে অধিক পচন্দ কৰিছে ৷ ইয়াৰে Jawa-42 মটৰ চাইকেলখন ৩০০ চিচি আৰু ইয়াত ৰেডিয়েটৰ আছে, যি দূৰণিবটীয়া যাত্ৰাৰ ক্ষেত্ৰত অধিক সুবিধাজনক ।

Post a Comment

Previous Post Next Post