কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ বিধ্বস্ত অৱস্থাই যান-বাহনৰ চালকক জলাকলা খুওৱাৰ লগতে আতংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷ পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে সাম্ভাব্য দুৰ্ঘটনাৰ আশংকাত সন্ত্ৰষ্ট হৈ থাকিব লগীয়া হৈছে স্থানীয় লোকসকল ৷
বুঢ়াপাহাৰৰ পৰা নুমলীগড় পৰ্যন্ত দীঘলীয়া পথছোৱাৰ বিধ্বস্ত অৱস্থাই বিপদ সংকুল পৰিস্থিতিৰ সৃষ্টি কৰিছে উজনি-নামনিৰ যাতায়ত ব্যৱস্থাত ৷ পৰিণতিত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা ৷ কাজিৰঙাৰ বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় পথত এতিয়া প্ৰতি ক্ষণতে দুৰ্ঘটনাৰ আশংকা ৷ পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতসমূহত বৰষুণৰ পানী জমা হৈ অধিক ভয়ংকৰ হৈ পৰিছে ৰাষ্ট্ৰীয় পথটোৰ যাতায়ত ব্যৱস্থা ৷
ইতিমধ্যে দুৰ্ঘটনা পতিত হৈ আহত হ’বলগীয়া হৈছে বহুজন ৷ উজনি-নামনিৰ পথ যাতায়তৰ অন্যতম বস্ততাপূৰ্ণ কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে বাছ বা ব্যক্তিগত বাহনেৰে যাতায়ত কৰা যাত্ৰীসকল ৷
অভিযোগ মতে কাজিৰঙালৈ ভি আই পি (VIP) বা ভি ভি আই পি (VVIP)ৰ আগমনৰ সময়ত জোৰাটাপলি মাৰি মসৃণ কৰি পেলোৱা হয় পথছোৱা ৷ কিন্তু দুদিন পাৰ নৌহওতেই পুনৰ ধৰা দিয়ে পথটোৰ বিধ্বস্ত অৱস্থাই ৷ এনেক্ষেত্ৰত স্থানীয় লোকৰ দাবী- চৰকাৰে অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ৷
