প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত প্ৰাথমিক শিক্ষা সন্মিলনীয়ে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী৷ প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত মুখ্যমন্ত্ৰীলৈ ডেৰ লক্ষ গণ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে৷ পিছে, শিক্ষক সমাজৰ এই কাৰ্যসূচীৰ কথা অৱগত নহয় শিক্ষামন্ত্ৰী ৰণোজ পেগু৷ তাৰ বিপৰীতে মন্ত্ৰীগৰাকীৰ বিপৰীত ভাষ্য, এদিনত সকলো সমস্যা সমাধান নহয়৷ পৰ্যায়ক্ৰমে সমস্যা সমাধানৰ বাট মুকলি হৈছে আৰু হৈ থাকিব৷
আনহাতে, শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে তৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ লাহে লাহে আগবাঢ়ি আছে মিচুৱেল বদলিকৰণ৷ এদিনত সেয়া কৰিব গ’লে সমস্যা আহিব বহুত৷
ইপিনে, অৱসৰৰ পাছতো বহু শিক্ষকে পেঞ্চনৰ বাবে এতিয়াও বহুদিন অপেক্ষা কৰি থাকিবলগা হৈছে ৷ তেনে সময়ত মন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য, শিক্ষকসকলে শিক্ষাসেতু এপ ব্যৱহাৰ কৰক৷ অৱসৰৰ দিনটোলৈ অপেক্ষা কৰি নাথাকিব৷ ইয়াৰ পূৰ্বে নিজৰ আবেদনখন পূৰণ কৰক৷ যাতে অৱসৰৰ নিৰ্দিষ্ট দিনটোত লাভ কৰিব পাৰে পেঞ্চন৷ শিক্ষাসেতু এপ ব্যৱহাৰ কৰিলে সমাধান হ’ব শিক্ষকৰ সমস্যা৷ শিক্ষকসকলে অৱসৰৰ এবছৰ আগৰ পৰাই পেঞ্চনৰ কাম কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়৷ ইয়াৰ পিছতো যদি কোনো শিক্ষাসেতুত সহযোগ নকৰে তেন্তে ক্ষতি হ’ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ৷
