আম আদমি পাৰ্টীৰ পৰা নিলম্বন হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমল কুমাৰ মেধিয়ে। News18 অসমৰ সৈতে হোৱা বাৰ্তালাপত কমল মেধিয়ে কয়, ‘‘মই এতিয়ালৈকে আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই। মই এতিয়াও দলতে আছো। মই শীঘ্ৰেই কেন্দ্ৰীয় নেতৃত্বক কথাটো অৱগত কৰিম লিখিতভাৱে। সংবাদ মাধ্যমত তিনি গগৈ সৰ্ম্পকত কৰা মন্তব্য সৰ্ন্দভত মই ইতিমধ্যে দলীয় মঞ্চত ক্ষমা খুজিছো। তাৰ পিছতো শ্ব’কজ নকৰাকৈ মোক নিলম্বন কৰিছে ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে। নিশ্চয় কোনো শক্তিশালি ব্যক্তিৰ তাগিদাত তেওঁ এই কাম কৰিছে।’’
ইফালে, ছচিয়েল মিডিয়াত কমল কুমাৰ মেধিয়ে লিখিছে, ‘‘ধন্যবাদ আম আদমি পাৰ্টী, অসম৷ গগৈ মানে অসমীয়া জাতি বুলি বুজিলে যেতিয়া কেৱল গগৈক লৈ পাৰ্টীটো আগবঢ়াওক! অসমৰ বাকী জাতি-জনগোষ্ঠীয়ে আপোনালোকক আদৰিবলৈ ৰৈ আছে৷ চৰকাৰ হ’বই খাটাং! ভবেন চৌধুৰী ডাঙৰীয়া, মোক কোনো ধৰনৰ শ্ব’কজো নিদিলে দেখোন৷ এবাৰো মোৰ লগত কথাও নাপাতিলে৷ কোনো অনুশাসন কমিটিও নবহিলে৷ আনকি নিলম্বনৰ জাননীখনো মোলৈ নপঠিয়ালে৷ মই বেলেগৰ ফেচবুক ৱালতহে পালোঁ৷ এয়া অসমৰ সৰ্বশক্তিমান জনাৰ নিৰ্দেশতে যে হৈছে সেয়া মইতো ভালদৰে বুজি পাওঁ৷ পাৰ্টীটো চিধাচিধি মাৰ্ছ কৰি নিদিয়ে কিয়? ভাল পাৰ্টী চলাইছে আপুনি৷ আপুনি মুখ্যমন্ত্ৰী হোৱাটো খাটাং৷ আগতীয়া অভিনন্দন৷’’
উল্লেখযোগ্য যে মঙলবাৰে আম আদমি পাৰ্টীৰ পৰা নিলম্বন কৰা হয় মেধিক। আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক কাৰ্যালয়ৰ তৰফৰ পৰা এক বিবৃতিৰ জৰিয়তে তাৎক্ষণিকভাৱে নিলম্বন কৰে কমল কুমাৰ মেধিক। দলবিৰোধী কাৰ্যকলাপৰ বাবে মেধিক নিলম্বন কৰা হৈছে বুলি জানিবলৈ দিছে দলটোৰ ৰাজ্যিক কাৰ্যালয়ে।
উল্লেখযোগ্য যে, যোৱা ২ জুলাইত সাংবাদিকৰ আগত ‘তিনি গগৈ’ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰিছিল কমল কুমাৰ মেধিয়ে। কিন্তু পৰৱৰ্তী ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এই বিষয়ে ক্ষমা খুজিছিল তেওঁ। কিন্তু তেওঁ পুনৰ সামাজিক মাধ্যমত দলীয় নীতিৰ বিৰুদ্ধে গৈ মন্তব্য কৰাৰ বাবে আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰীৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে কমল কুমাৰ মেধিক।
