এটা নহয়, দুটাকৈ অভিযোগ বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক জ্যোতিষ বণিয়াৰ বিৰুদ্ধে৷ দলটোৰে দুগৰাকীকৈ মহিলা কৰ্মীয়ে অভিযোগ অনাৰ পিছতো দলীয় নেতৃত্বই এই পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই জ্যোতিষ বণিয়াৰ বিৰুদ্ধে৷ অংকিতা দত্ত প্ৰসংগত সৰৱ হোৱা বিজেপিয়ে নিজৰ ঘৰত হোৱা ঘটনা এতিয়া দিব বিচাৰিছে গাপ!
দুখনকৈ অভিযোগ পত্ৰ, ২৩ জুনৰ এখন, আনখন ৩০ জুনৰ৷ দুয়োখন অভিযোগ পত্ৰ বিজেপি SC মৰ্চাৰ ৰাজ্যিক সম্পাদক জ্যোতিষ বণিয়াৰ বিৰুদ্ধে ৷ অশালীন ইংগিত, শাৰীৰিক-মানসিক আতিশয্য, ধনদাবীৰ অভিযোগ জ্যোতিষৰ বিৰুদ্ধে পত্ৰ দুখনত স্পষ্ট৷ কিন্তু এই পৰ্যন্ত সংস্কাৰী দল বুলি পৰিচিত দলটোৰ নেতৃত্বই দুখনকৈ অভিযোগ পত্ৰ পোৱাৰ পিছতো ৰহস্যজনক নীৰৱতাহে অৱলম্বন কৰিছে৷
কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তই শ্ৰীনিৱাস বিভিৰ বিৰুদ্ধে অভিযোগ অনাৰ সময়ত অংকিতাৰ পক্ষত থিয় দি থানাই থানাই এজাহাৰ দিছিল বিজেপিয়ে৷ সেই সময়ত অংকিতা দত্তক অসমৰ জীয়ৰীয়ে ন্যায় পাব লাগিব বুলি দাবী কৰা বিজেপিয়ে নিজৰ ঘৰতে সংঘটিত ঘটনাত এতিয়া নিশ্চুপ, নীৰৱ৷ যাক লৈ প্ৰশ্ন তুলিছে APCCৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে’ পুৰকায়স্থই৷
“অংকিতা দত্তই অনা অভিযোগক লৈ মুখ্যমন্ত্ৰীয়ে দেখোন আমাৰ যুৱনেতা শ্ৰীনিৱাস বিভিক গ্ৰেপ্তাৰ কৰোৱাবলৈ উঠিপৰি লাগিছিল৷ চি আই ডি লগাইছিল৷ এতিয়া কি হ’ল, বিজেপি কৰ্মীয়ে দেখোন বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ আনিছে! সব দেখোন এতিয়া নিমাত৷” – ক’লে কমলাক্ষ দে’ পুৰকায়স্থই।
বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞায়ো৷ বিজেপি নেতা ব্ৰীজ ভূষণৰ প্ৰসংগ টানি আনিলে সাংসদ ভূঞাই৷ “সাংসদ ব্ৰীজ ভূষণেই বাচি গৈছে৷ দেশৰ জীয়ৰীয়ে যেতিয়া ন্যায় নাপালে অসমৰ এই দুগৰাকী মহিলা কৰ্মীয়ে ন্যায় পাব যেন নালাগে মোৰ৷” – মন্তব্য অজিত কুমাৰ ভূঞাৰ।
