সেনাপতি কংগ্ৰেছৰ ওপৰত বিশ্বাস নাই আপৰ, আম আদমী পাৰ্টীয়ে এৰিলে বিৰোধী ঐক্যমঞ্চ

 


বিজেপিৰ বিৰুদ্ধে ঐক্যৱদ্ধ যুঁজ দিয়াৰ আৰম্ভণিতে বিৰোধী ঐক্যমঞ্চত লাগিছে কেণা৷ অসমত বিৰোধী ঐক্যমঞ্চৰ অন্যতম দল আপে দিলে আৰম্ভণিতেই চত্ৰভংগ৷ কিন্তু কিয়? আপৰ এই মঞ্চ ত্যাগ বিজেপিয়ে পতা জালৰে অংশ নেকি? এই প্ৰশ্ন আমাৰ নহয়৷ এই প্ৰশ্ন বিৰোধী ঐক্যমঞ্চৰ অন্যতম সেনানী সাংসদ অজিত কুমাৰ ভূঞাৰ৷

ৰাজ্যত তিনি গগৈৰ ৰাজনীতি তুংগত থকাৰ সময়তে আম আদমী পাৰ্টীয়ে এৰিলে বিৰোধী ঐক্যমঞ্চ৷ আপৰ মতে, কংগ্ৰেছ বিজেপিৰ বিকল্প নহয়৷ দিল্লী আৰু পঞ্জাবত কংগ্ৰেছৰ চৰকাৰ ওফৰাই গাদী দখল কৰা আপৰ আত্মবিশ্বাস এতিয়া তুংগত৷ সেই আত্মবিশ্বাসেৰেই অসমৰ আপে ভাৱে অসমত বিজেপিৰ বিকল্প AAPহে হ’ব বুলি কৈ সংগ এৰিলে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চৰ৷

কেন্দ্ৰত মোদী চৰকাৰক আঁতৰাবলৈ যিসমূহ বিৰোধী দল একলগ হৈছিল তাৰ ভিতৰত NCPৰ অৱস্থাই এতিয়া তথৈবচ৷ মহাৰাষ্ট্ৰত খুৰা–ভতিজা ভাগ ভাগ হোৱাৰ পিছত আন ৰাজ্যতো প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকট হোৱাৰ সময়তে অসমতো বিৰোধীৰ ঐক্যত দেখা গ’ল অনৈক্য৷ অসমৰ বিৰোধী ঐক্যমঞ্চৰ পৰা আপে হঠাতে পৃষ্ঠভংগ দিয়াত ঐক্যমঞ্চৰ অন্যতম সেনানী ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ মতে, বিৰোধীৰ ঐক্যমঞ্চ সহজ নাছিল আৰু নহয়৷ একে সময়তে সাংসদ ভূঞাৰ সন্দেহ, বিজেপিয়ে পতা জালত ভৰি দিছে নেকি আপে? আপে যিদৰে কংগ্ৰেছক বিজেপিৰ বিকল্প বুলি নিজকে পতিয়ন নিয়াব পৰা নাই, আপৰ ওপৰতো বিশ্বাস নাই অজিত কুমাৰ ভূঞাৰ৷

সাংসদগৰাকীৰ মতে, বিজেপিক পৰাজিত কৰাৰ শক্তি কংগ্ৰেছৰহে আছে, আপৰ নহয়৷ “চাওক সকলো দলৰে মতাদৰ্শ সুকীয়া৷ সকলোকে একেখন মঞ্চত আগবঢ়াই নিয়া ইমান সহজ নহয়৷ আপৰ শেহতীয়া কাম-কাজ দেখি ভাৱিছিলোঁ এনেকুৱা হ’ব পাৰে৷ আমাৰ ইয়াত বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত প্ৰয়োজন আছিল আপ লগত থকাৰ৷ কিন্তু নাথাকিল৷ এইবোৰ অশুভ ইংগিত৷ ভোট বিভাজন হ’ব৷ কংগ্ৰেছৰ প্ৰায় দেশৰ ২০০ আসনত আজিৰ তাৰিখত সম্ভাৱনা আছে জয়ৰ৷ কিন্তু আপৰ সেয়া নাই৷ আপে বিজেপিক প্ৰতিহত কৰিব পৰাকৈ শক্তি নাই৷”– ক’লে অজিত কুমাৰ ভূঞাই।

Post a Comment

Previous Post Next Post