একে ৰঙৰ ঘৰ-দোকান, পথৰ দুয়োপাৰে একেই গছ


 

এক চহৰ এক ৰং ৷ এটা ৰঙেৰে এখন চহৰ বা এখন নগৰ। অসমৰ একোখন চহৰ বা নগৰক এটা ৰঙেৰে সজোৱাৰ পৰিকল্পনা। সকলো ঠিকে ঠাকে থাকিলে কম সময়তে অসমৰ ভিতৰত গোলাপী নগৰ হৈ উঠিব নলবাৰীৰ টিহু। টিহু নগৰক এটা ৰঙেৰে সজোৱাৰ পৰিকল্পনা কৰিছে টিহু পৌৰসভাই।

নলবাৰী জিলাৰ টিহুক অসমৰ ভিতৰতে এখন আটকধুনীয়া নগৰ হিচাপে গঢ় দিবলৈ মন্ত্ৰী তথা স্থানীয় পাটাচাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু টিহু পৌৰসভাই পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৌৰসভাৰ নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে টিহু নগৰখনক এক আকৰ্ষণীয় ৰূপত সজাই তোলাৰ কথা কৈছিল।

ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টিহু নগৰ সংযোগী টিহু ফিডাৰ ৰোড ১কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণৰ ঘোষণা কৰাৰ পিছতেই পথছোৱাৰ কাম আৰম্ভ হৈছে।

টিহু পৌৰসভাৰ তৰফৰ পৰাও টিহু বজাৰ গৃহ আৰু অন্যান্য উন্নয়নমূলক কামসমূহ আৰম্ভ হৈছে। পথৰ কাম আৰু অন্যান্য আনুষংগিক কামবোৰ সম্পূৰ্ণ হোৱাৰ পিছতেই এটা ৰঙেৰে টিহু নগৰক সজাই তোলা কামো আৰম্ভ হ’ব।ইয়াৰ লগতে এটা ৰঙেৰে এখন নগৰ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাইজৰ পৰা আবেদন বিচাৰিছে টিহু পৌৰসভাই। কেৱল এটা ৰঙেৰে এখন চহৰেই নহয়, পথৰ দুয়োকাষে একেবিধ গছপুলি ৰোপন কৰাৰো পৰিকল্পনা কৰিছে টিহু পৌৰসভাই।

টিহু নগৰখনত নিম, বকুল নাইবা দেৱদাৰু গছহে ৰোপণ কৰিব পৌৰসভাই। বৰ্তমান টিহুলৈ অহা মূল পথছোৱাৰ কাম সম্পূৰ্ণ হ’লেই এইসমূহ কাম আৰম্ভ হ’ব। ৰাইজৰ পৰা এইক্ষেত্ৰত যথেষ্ট সহাৰি লাভ কৰিছে বুলিও টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰে জানিবলৈ দিয়ে।টিহুত এতিয়া পূৰ্বতকৈ যথেষ্টখিনি উন্নয়ন হৈছে বুলি উল্লেখ কৰি উন্নয়নৰ ক্ষেত্ৰত ৰাইজৰ পৰাও সহযোগ থাকিব লাগিব বুলি টিহু পৌৰসভাৰ পৌৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে। এটা ৰং এবিধ গছ আৰু এখন চহৰ হৈ উঠিলে নিশ্চয়কৈ টিহুৱে সৌন্দৰ্যৰ ক্ষেত্ৰত এক নতুন মাত্ৰা লাভ কৰিব।

Post a Comment

Previous Post Next Post