হীৰেন গোহাঁই কোন হয়? হীৰেন গোহাঁইৰ কোনো স্থিতি নাই, যাৰ কোনো স্থিতিয়ে নাই, তেওঁৰ মতে অসম চলিব নেকি? এজন ব্যক্তিয়েই কি অসম নেকি?- আজি এইদৰে মত ব্যক্ত কৰিলে অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই।
ড° হীৰেন গোহাঁইৰ বিৰুদ্ধে সৰৱ হৈ পৰা মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে যি সময়ত ভাৰতবৰ্ষ তথা অসমৰ খিলঞ্জীয়াৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ এটা শক্তিশালী ব্যৱস্থা হ’ব বুলি সকলোৱে স্বীকাৰ কৰিছে, তেনে সময়ত হীৰেন গোহাঁয়ে বিৰোধ কৰিছে।
উল্লেখ্য যে জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে দেওবাৰে বিজেপিৰ ৩৯৯ টা মণ্ডলত আয়োজন কৰা টিফিন বৈঠকৰ অংশ হিচাপে জাগী ভকতগাঁৱত আয়োজন কৰা টিফিন বৈঠকত উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা। উক্ত বৈঠকতে হাজৰিকাই এই মন্তব্য কৰে।
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। গোহাঁয়ে লগতে আছুকো সমালোচনা কৰিছিল। আছুৰ বিৰুদ্ধে সৰৱ হোৱা ড০ হীৰেন গোহাঁয়ে ‘সকলোৱে বেয়া পোৱা খচৰাক সমৰ্থন আছুৰ’ বুলি আখ্যা কৰিছিল। গোহাঁয়ে লগতে প্ৰকাশ কৰিছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা ‘বিজেপিৰ কথামতে প্ৰস্তুত হৈছে’।
