শিলচৰ তথা বৰাক উপত্যকাৰ সুপৰিচিত সংগীত শিল্পী অনমিকা দেৱে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ২০২১-২২ বৰ্ষৰ ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ বিশেষজ্ঞ সমিতিয়ে বৃত্তি প্ৰদানৰ বাবে বিভিন্ন শিতানৰ সাংস্কৃতিক অনুশীলনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চাৰিশৰো অধিক শিল্পীক নিৰ্বাচিত কৰিছে ।
অসমৰ পৰা অনামিকা দেৱ লোকসংগীত শাখাত এই বৃত্তিৰ বাবে মনোনীত হৈছে । মন কৰিবলগীয়া যে ২০২১ চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা কণ্ঠ সংগীতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল অনামিকাই । বৰ্তমান পশ্চিমবংগৰ কল্যাণী বিশ্ববিদ্যালয়ৰ ফ’কলোৰ বিভাগত এমফিল কৰি আছে এইগৰাকী শিল্পীয়ে ।
লোকসংগীতত ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিলেও শিল্পী অনামিকা ৰবীন্দ্ৰ, নজৰুল আৰু আধুনিক গীততো সমানেই আগবঢ়া ৷ বৰাক উপত্যকাৰ উপৰি পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশত বিভিন্ন সংগীত পৰিৱেশন কৰি তেওঁ প্ৰশংসা আৰু বঁটাও লাভ কৰিছে । শিলচৰ তথা পশ্চিমবংগৰ বিভিন্ন জনপ্ৰিয় চেনেলত তেওঁ গীত পৰিবেশন কৰি আহিছে । কলকাতাৰ আকাশ-৮ চেনেলৰ তেওঁ এগৰাকী নিয়মীয়া কণ্ঠশিল্পী ।
